অসম

assam

ETV Bharat / state

টীয়কত শিশু শ্ৰমিক, বাল্য় বিবাহৰ দৰে ভয়ানক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা

একবিংশ শতিকা গৰকাৰ পাছতো এতিয়াও বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি । ইফালে সৰু বৰ বিভিন্ন উদ্যোগ তথা প্ৰতিস্থানত শিশু শ্ৰমিকক কামত নিয়োজিত কৰা পৰিলক্ষিত হৈ আহিছে (Child labour is employed in various industries) । এনে পৰিপেক্ষিতত জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে টীয়কত জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ দৰে ভয়াৱহ ব্যাধি টীয়কত সজাগতা সভা অনুষ্ঠিত কৰে জিলা প্ৰশাসনে(Awareness meeting on child labour and child marriage in Teok) ।

টীয়কত শিশু শ্ৰমিক, বাল্য় বিবাহৰ দৰে ভয়ানক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা
টীয়কত শিশু শ্ৰমিক, বাল্য় বিবাহৰ দৰে ভয়ানক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা

By

Published : May 10, 2022, 4:51 PM IST

টীয়ক, ১০ মে': শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ অৰ্থে যোৰহাট জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ । যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত শিশু শ্ৰমিক আৰু বাল্য বিবাহ প্ৰতিৰোধৰ সম্পৰ্কে সোমবাৰে টীয়কৰ ৯ নং বলমা গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত অনুস্থিত কৰা হয় এখনি সজাগতা সভা(Awareness meeting on child labour and child marriage in Teok) ।

সভাখনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সম্পৰ্কে ৰাইজক সজাগ কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে থকা বিভিন্ন আইনী ব্যৱস্থা, সামাজিক ব্যৱস্থা তথা এই লৈ ৰাইজৰ কৰণীয়ৰ ওপৰত মন্তব্য আগবঢ়ায় ।

লগতে কোনো অঞ্চলত এনে পৰিস্থিতিৰ সৃষ্টি হ'লে তাৎক্ষণিকভাৱে জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হয় সজাগতা সভাখনত । সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতিৰ সভাপতিত্বত অনুস্থিত সজাগতা সভাখনত অংশগ্ৰহণ কৰে জিলা সমাজ কল্যাণ বিষয়া ৰাজ কুমাৰ কেডিয়া, জিলা সহকাৰী শ্ৰম আয়ুক্ত জগত জীৱন দত্ত, পূব যোৰহাট খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পমলী টেৰংপী, জিলা শিশু কৈল্যাণ সমিতিৰ সদস্যা ডা: কৃষ্ণা বৰুৱা পাটগিৰি, সৰ্ব শিক্ষা অভিযানৰ বিষয়া মেঘালী কাকতিকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি ।

লগতে পঢ়ক:ব্যৰ্থতা ঢাকিবলৈ বৰ্ষপুৰ্তিৰ আয়োজন: প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাৰ

ABOUT THE AUTHOR

...view details