অসম

assam

ETV Bharat / state

বিশ্ব মানসিক স্বাস্থ্য দিৱসক লৈ ভিন্ন লোকৰ মাজত সজাগতা

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ মানসিক স্বাস্থ্যৰ উৎকৰ্ষ সাধন তথা সজাগতা সৃষ্টিক লৈ ৰাজ্যৰ বেলেগ বেলেগ প্ৰান্তৰ লোকসকলৰ মাজত সজাগতা পৰিলক্ষিত হ'ল ৷ বহুলোকৰ মন্তব্য ক'ৰণা অতিমাৰীৰ প্ৰভাৱে আগতকৈ বৃদ্ধি কৰিছে মানসিক ৰোগীৰ সংখ্যা ৷

বিশ্ব মানসিক স্বাস্থ্য দিৱসক লৈ ভিন্ন লোকৰ মাজত সজাগতা
বিশ্ব মানসিক স্বাস্থ্য দিৱসক লৈ ভিন্ন লোকৰ মাজত সজাগতা

By

Published : Oct 10, 2020, 4:27 PM IST

যোৰহাট, মৰিগাঁও, 10 অক্টোবৰ: সমগ্ৰ বিশ্বতে আজি সকলোৱে পালন কৰিছে বিশ্ব মানসিক স্বাস্থ্য দিৱস ৷ 1992 চনৰ 10 অক্টোবৰ তাৰিখে ৱৰ্ল্ড ফেডাৰেচন ফৰ মেন্টেল হেল্থ ৰ উদ্যোগত এই বিশেষ দিনটোৰ পালন আৰম্ভ হৈছিল ৷ মূলতঃ মানসিক স্বাস্থ্যক লৈ সকলোৰে মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি এই বিশেষ দিনটো উদযাপন কৰা হয় ৷ সাধাৰণতে বিশ্বৰ বহুলোকে বিভিন্ন কাৰণত বিভিন্ন ধৰণৰ মানসিক ৰোগৰ চিকাৰ হ'ব পাৰে ৷ সেয়ে শাৰীৰিক সুস্থতাৰ প্ৰতি লক্ষ ৰখাৰ উপৰিও এজন ব্যক্তিয়ে নিজৰ মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়াটো যথেষ্ঠ প্ৰযোজনীয় ৷ এক সমীক্ষা অনুসৰি বিশ্বৰ ৪৫০ নিযুততকৈ অধিক লোক মানসিক ৰোগৰ চিকাৰ হয় । সময়ৰ লগে লগে মানসিক ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ 2020 বৰ্ষৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসে এক বিশেষ তাৎপৰ্য বহন কৰিছে ৷ বিশেষজ্ঞ সকলে মন্তব্য কৰা অনুসৰি ক'ৰণা অতিমাৰীৰ প্ৰাদুৰ্ভাৱত মানসিক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

বিশ্ব মানসিক স্বাস্থ্য দিৱসক লৈ ভিন্ন লোকৰ মাজত সজাগতা

মানসিক স্বাস্থ্য আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ চিকিৎসক ডঃ পল্লৱ ভট্টাচাৰ্য্যই কয় যে শৰীৰ সুস্থ কৰি ৰাখিবৰ বাবে যেনেকৈ ব্যায়াম কৰা হয় ঠিক তেনেকৈ মানসিক ভৱে সুস্থ থাকিবলৈও মানুহৰ যথেষ্ঠ কৰণীয় আছে ৷ মানসিক ৰোগ আৰু মানসিক স্বাস্থ্য সম্পৰ্কে আৰু বহু কথা ইটিভি ভাৰত অসমক ডঃ ভট্টাচাৰ্যই ব্যক্ত কৰে ৷

বিশ্ব মানসিক স্বাস্থ্য দিৱসক লৈ ভিন্ন লোকৰ মাজত সজাগতা

ইফালে মানসিক স্বাস্থ্যৰ বাবে উৎসৰ্গিত এই বিশেষ দিনটোৰ উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিভাগ আৰু মৰিগাঁও জিলা সংবাদ কৰ্মীৰ সকলৰ মাজত এখন আলোচনাচক্ৰও অনুষ্ঠিত হয় । মৰিগাঁও জিলা মানসিক স্বাস্থ্য বিষয়া ডাঃ জয়ন্ত দত্ত, সামাজিক মনস্তত্ববিদ নিমিষা হীৰু বৰাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মানসিক চিকিৎসক ডাঃ জয়ন্ত দত্ত আৰু জ্যেষ্ঠ মানসিক চিকিৎসক তথা মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নবীন ভূঁঞাই মানসিক ৰোগৰ হিচাব তথা সংখ্যাৰ হাৰ দাঙি ধৰি শেহতীয়াকৈ চৰকাৰে হাতত লোৱা আঁচনিসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় ।

উক্ত আলোচনা চক্ৰত বিশ্ব মানসিক দিৱসৰ লগত সংগতি ৰাখি চৰকাৰে বিভিন্ন ধৰণৰ মানসিক ৰোগ আৰু ইয়াৰ চিকিৎসা সহজ সাধ্য কৰাৰ বাবে সকলো জিলা পৰ্যায়ৰ চিকিৎসালয় উপলব্ধ হোৱাৰ বিষয়ে অৱগত কৰি চাৰি মিনিটৰ এখন ছবি প্ৰদৰ্শন কৰে ৷ কাৰ্যসূচীৰ মাজতে মৰিগাঁৱৰ প্ৰতিষ্ঠিত সমাজসেৱী উৱাদিহা ৰহমান আৰু বল্লৰী নাথক গামোচা আৰু একোখনকৈ প্ৰশস্তি পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

লগতে পঢ়ক:আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

ABOUT THE AUTHOR

...view details