অসম

assam

ETV Bharat / state

Silpi Divas 2023 : যোৰহাটত সন্মানিত কৰা হ’ল ৰাজ্যৰ বহুকেইজন প্ৰথিতযশা শিল্পীক

যোৰহাটত প্ৰদান কৰা হ’ল 2023 বৰ্ষৰ শিল্পীবঁটা(Silpi Divas 2023), নটসূৰ্য ফণী শৰ্মা বঁটা, ড৹ ভবেন্দ্ৰনাথ শইকীয়া বঁটা, বিজু ফুকন বঁটা আৰু ভীমবৰ দেউৰী বঁটা ৷ বঁটা গ্ৰহণ কৰি পখিলা লেক্থেপীয়ে ক’লে- ‘‘‘‘মোৰ শিল্পজীৱন হেৰাই যাব বুলি ভাবিছিলোঁ ৷ কিন্তু আজিৰ এই বঁটাটোৱে মোক উৎসাহ দিলে’’ ৷

Silpi Divas 2023
যোৰহাটত সন্মানিত কৰা হ’ল ৰাজ্যৰ বহুকেইজন প্ৰথিতযশা শিল্পীক

By

Published : Jan 17, 2023, 7:29 PM IST

যোৰহাটত সন্মানিত কৰা হ’ল ৰাজ্যৰ বহুকেইজন প্ৰথিতযশা শিল্পীক

যোৰহাট, 17 জানুৱাৰী : ‘‘মোৰ শিল্পজীৱন হেৰাই যাব বুলি ভাবিছিলোঁ ৷ কিন্তু আজিৰ এই বঁটাটোৱে মোক উৎসাহ দিলে ৷ এই বঁটা লাভ কৰি পাহাৰীয়া ৰাইজক আগবঢ়াই নিয়াৰ প্ৰেৰণা লাভ কৰিলোঁ’’৷ 2023 বৰ্ষৰ শিল্পীবঁটা লাভ কৰি এইদৰে মন্তব্য কৰিলে শিল্পী পখিলা লেক্থেপীয়ে (Singer Pokhila Lekthepi)৷ জন্মস্থানত নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰি প্ৰাঞ্জল শইকীয়াই(Actor Pranjal Sikia) ক’লে- ‘‘মনে আৰু দেহাই যিমান দিনলৈকে দৌৰাব, দৌৰি থাকিম’’৷

শিল্পী দিৱসৰ দিনটোত(Silpi Divas 2023) অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা ৰাজ্যৰ ভালেসংখ্যক শিল্পীলৈ আগবঢ়োৱা হ’ল বিশেষ বঁটা ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত(Assam Agricultural University) আয়োজন কৰাৰ শিল্পী দিৱসৰ অনুষ্ঠানত নিৰ্বাচিত শিল্পীসকললৈ আগবঢ়োৱা হয় শিল্পজগত বহুকেইটা বঁটা ৷

উল্লেখ্য যে, শিল্পী দিৱসৰ অনুষ্ঠানতে বিশিষ্ট সংগীতশিল্পী ৰাজেন গোঁহাই(Singer Rajen Gohain) আৰু পখিলা লেকথেপীলৈ ২০২৩ বৰ্ষৰ শিল্পীবঁটা প্ৰদান কৰা হয় (Shilpi Bota 2022)৷ ইয়াৰোপৰি বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াক ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা(Natasurya Phani Sarma Award 2022), মঞ্চ আৰু ৰূপালী পৰ্দাৰ সুদক্ষ অভিনেতা অৰুণ নাথক ২০২২ বৰ্ষৰ ড৹ ভবেন্দ্ৰনাথ শইকীয়া বঁটা(Dr Bhaben Saikia award), বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱক ২০২২ বৰ্ষৰ বিজু ফুকন বঁটা(Biju Phukan award), বিশিষ্ট লেখক মিলেশ্বৰ পাটৰক ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হয় (Bhimbor Deori Award)৷

শিল্পীবঁটা গ্ৰহণ কৰি বিশিষ্ট সংগীতশিল্পী ৰাজেন গোঁহায়ে ক’লে- ‘‘আজি মই বুজাব নোৱাৰা আনন্দ অনুভৱ কৰিছোঁ ৷ এয়া আমাৰ সংগীত জীৱনৰ ডাঙৰ মুহূৰ্ত ৷ সুস্থ শৰীৰে, নিজ হাতেৰে এই বঁটা গ্ৰহণ কৰিব পৰাতকৈ ডাঙৰ আনন্দৰ কথা একোৱেই হ’ব নোৱাৰে ৷ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ ৷ এনেধৰণেৰে বঁটা লাভ কৰিলে নতুন কাম কৰিবলৈ প্ৰেৰণা পাওঁ’’৷

আনহাতে নটসূৰ্য ফণী শৰ্মা বঁটা গ্ৰহণ কৰি বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়াই কয়- ‘‘নটসূৰ্য ফণী শৰ্মাৰ নাটক ‘ভোগজৰা’ মই দ্বিতীয়-তৃতীয় শ্ৰেণীতে চাইছোঁ ৷ সেইজন নটসূৰ্যৰ নামত বঁটা প্ৰদান কৰাৰ বাবে মই বাধিত ৷ মোক ভালপোৱা সকলো উল্লাসিত হৈছে ৷ এয়াই মোৰ বাবে ৰিৱাৰ্ড’’৷

লগতে পঢ়ক:Shilpi Pension 2023 : শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত মানিকপুৰৰ বাঁহী বাদক মানিক সিং ৰায়

ABOUT THE AUTHOR

...view details