অসম

assam

ETV Bharat / state

আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা !

আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা। অগপ-বিজেপিৰে সংহতি বিনষ্ট নকৰে বুলিও মন্তব্য অগপৰ সভাপতিৰ। ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে অগপই। বিজেপিৰে সংহতি বিনষ্ট হোৱাটো নিবিচাৰে মন্ত্ৰী অতুল বৰাই।

atul-bora-says-on-aasu
আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা

By

Published : Nov 7, 2020, 10:08 PM IST

যোৰহাট, 7 নৱেম্বৰ :আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা। অগপ-বিজেপিৰে সংহতি বিনষ্ট নকৰে বুলিও মন্তব্য অগপ সভাপতিৰ। ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে অগপই। বিজেপিৰে সংহতি বিনষ্ট হোৱাটো নিবিচাৰে মন্ত্ৰী অতুল বৰাই। আছুৰ বিৰুদ্ধেও তিতাবৰত সৰৱ হৈ পৰে অগপ সভাপতি অতুল বৰা। শনিবাৰে তিতাবৰত অনুষ্ঠিত এক যোগদান কাৰ্য্যসূচীত অংশগ্ৰহণৰ পাছতে বিজেপিৰে মিত্ৰতাৰ ধৰ্ম পালন কৰা বুলি মন্তব্য কৰাৰ লগতে কোনো কাৰণতে বিজেপিৰ সৈতে সংহতি ভংগ কৰিব নোৱাৰে বুলি মন্তব্য কৰে অতুল বৰাই।

আছুৰ ভৱিষ্যতক লৈ চিন্তিত অতুল বৰা
ইফালে আছুৰ ৰাজনৈতিক দলৰ সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ অগপ সভাপতি অতুল বৰাই কয় যে, সেই সময়ত আছুৰ নেতৃত্বত অগপ জন্ম হোৱা নাছিল। সময়ৰ আহ্বানত, ৰাইজৰ দাবীত গণ অভিবৰ্তনৰ ফলতহে অগপ জন্ম হৈছিল; কিন্তু এতিয়াৰ আছুয়ে কংগ্ৰেছৰ ঔৰসত ৰাজনৈতিক দল জন্ম দিয়া বুলি মন্তব্য কৰে অতুল বৰাই। লগতে পঢ়ক: মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত নলবাৰীত আছুৰ বিক্ষোভ প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details