অসম

assam

ETV Bharat / state

ক’ভিডৰ সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবলৈ যোৰহাটত মন্ত্ৰী অতুল বৰা - Jorhat Covid 19

শনিবাৰে যোৰহাটত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা ৷ যোৰহাটত উপস্থিত হৈয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ৷

as_jrt_15may_atulbora_covid_monitoror_byte_AS10039
যোৰহাটত মন্ত্ৰী অতুল বৰা

By

Published : May 15, 2021, 10:36 PM IST

যোৰহাট, 15 মে’: শনিবাৰে যোৰহাটত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা ৷ জিলাখনৰ ক’ভিড 19ৰ সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণৰ বাবে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতুল বৰাক যোৰহাট আৰু গোলাঘাট জিলাৰ পৰ্যৱেক্ষণৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷

যোৰহাটত উপস্থিত হৈয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী গৰাকী ৷ যোৰহাট জিলাত বৰ্তমানলৈকে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত থকা বুলি সাংবাদিকক জনায় মন্ত্ৰী অতুল বৰাই ৷ আনহাতে, স্বাস্থ্যকৰ্মীৰ অভাৱৰ বাবে প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হোৱা বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷

যোৰহাটত মন্ত্ৰী অতুল বৰা

ইয়াৰ উপৰিও ৰে’ল ষ্টেচন সমূহত প্ৰশাসনক কঠোৰ হ’বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী অতুল বৰাই যাতে কোনো যাত্ৰীয়ে ক’ভিড পৰীক্ষা নকৰোৱাকৈ পলাই যাব নোৱাৰে ৷ লগতে চৰকাৰী এছঅ’পি পালন কৰিবলৈয়ো জনসাধাৰণক আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ৷

আনহাতে, ১৪ লাখ ৯৭ হাজাৰ কৃষকে কৃষি নিধি আঁচনিৰ ধন লাভ কৰিব বুলি ঘোষণা কৃষিমন্ত্ৰী গৰাকীৰ ৷ বৰ্তমানলৈকে ৩০০ কোটি টকাৰ ধন আৱন্টন হৈছে আৰু ১০০ কোটি টকাৰ ধন পাবলৈ বাকী থকা বুলি সাংবাদিকক জনায় কৃষিমন্ত্ৰী অতুল বৰাই ৷

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য

অতুল বৰাৰ সৈতে ক’ভিড পৰিস্থিতি সন্দৰ্ভত হোৱা আলোচনাত যোৰহাট জিলাৰ বিধায়কসকলেও অংশগ্ৰহণ কৰে ৷ এই আলোচনাৰ অন্তত সাংবাদিকক সম্বোধন কৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

জিলাখনত পৰ্যাপ্ত ক’ভিড পৰীক্ষাৰ লগতে প্ৰতিশেষধক প্ৰদান কৰা, চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসাৰ সুবিধা প্ৰদান কৰা আদি বিভিন্ন সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে যোৰহাট জিলাৰ পৰ্যবেক্ষকৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ লগতে স্বাস্থ্য বিভাগক আহ্বান জনায় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক-মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details