অসম

assam

ETV Bharat / state

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট

যোৰহাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট। টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ ক্ষোভ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট

By

Published : Oct 7, 2020, 3:06 PM IST

যোৰহাট, ৭অক্টোবৰ: চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত যোৰহাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিক্ষোভ প্ৰদৰ্শন। অসম চাহ জনজাতি ছাত্র সন্থাৰ নেতৃত্বত টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সন্মুখত ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বাগিছাৰ বহু কৰ্মীয়ে। দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অধীনত থকা টোকোলাই,নিউ টোকোলাই আৰু বৰভেটা নমুনা চাহ বাগিচাৰ চাহ শ্ৰমিকৰ সমস্যা আজি পৰ্যন্ত সমাধান নহ'ল। এছিয়াৰ বৃহৎ চাহ গৱেষণা কেন্দ্ৰটোৰ কৰ্তৃপক্ষই শ্ৰমিকৰ আহ্বানৰ প্ৰতি গুৰুত্ব নিদিয়াত ক্ষুদ্ধ হৈ পৰিছে শ্ৰমিকসকল।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট

দিনে দিনে শ্ৰমিকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে। শ্ৰমিকক প্ৰতিশ্ৰুতি দি পূৰণ নকৰাত উপায়হীন হৈ বিক্ষোভ প্ৰদৰ্শন কৰে। টোকোলাই গৱেষণা কেন্দ্ৰ কৰ্তৃপক্ষই শীঘ্ৰে চাহ বাগিচাৰ শ্ৰমিকৰ সমস্যা সমাধান নকৰিলে কেন্দ্ৰটোৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে।
লগতে চাওকঃ আহিনৰ বানৰ কৱলত জয়মতীৰ নিৰ্মাণস্থলী; পথৰ ওপৰেদি বাগৰিছে ছত্ৰঙৰ পানী

ABOUT THE AUTHOR

...view details