হাথৰছ কাণ্ডক লৈ যোৰহাটত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ - হাথৰস
দেশ কঁপাই যোৱা হাথৰছৰ গণধৰ্ষণক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ স্থিতিক গৰিহণা দিলে যোৰহাট জিলা কংগ্ৰেছ কমিটীয়ে। নিৰ্যাতিতাৰ ন্য়ায়ৰ দাবীত যোৰহাটত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ।
![হাথৰছ কাণ্ডক লৈ যোৰহাটত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ হাথৰস কাণ্ডক লৈ যোৰহাটত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9081786-701-9081786-1602059282261.jpg)
যোৰহাট, ৭অক্টোবৰ: হাথৰছ কাণ্ডক লৈ সমগ্ৰ দেশতে প্ৰতিবাদৰ জোৱাৰ উঠাৰ সময়তে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী। উত্তৰ প্ৰদেশৰ হাথৰছত গণধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক আঁকোৱালি লোৱা যুৱতীৰ ন্যায়ৰ দাবীত যোৰহাটত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ। নিৰ্যাতিতাৰ পৰিয়ালৰ সৈতে উত্তৰ প্ৰদেশ চৰকাৰে অমানৱীয় আচৰণ কৰিছে বুলিও ক্ষোভ উজাৰে কংগ্ৰেছে। যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দলটোৱে। মৌন সত্যাগ্ৰহত অংশগ্ৰহণ কৰে কলিয়াবৰ সমষ্টিৰ প্ৰাক্তন সাংসদ দীপ গগৈ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু বহু কংগ্ৰেছ কৰ্মীয়ে। 'বেটি বচাও বেটি পঢ়াও'ক নিৰ্বাচনী শ্ল'গান আখ্যা দিয়ে কংগ্ৰেছে। বি জে পি চৰকাৰৰ শাসনাধিষ্ঠ ৰাজ্যসমুহত নাৰী নিৰ্যাতনৰ ঘটনা দৈনিক বৃদ্ধি পাইছে বুলিও সমালোচনা কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে।
লগতে পঢ়ক:গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা