যোৰহাট, 31 মাৰ্চ: যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 57 সংখ্যক এটিপিএ শ্বিল্ড ফুটবল প্ৰতিযোগিতা বৃহস্পতিবাৰৰ পৰা নৈশলোকত অনুষ্ঠিত হয় । জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আঁতধৰা অনুষ্ঠানত পতাকা উত্তোলন কৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে । বাঁহী সাংস্কৃতিক অনুষ্ঠান দ্বাৰা শুভাৰম্ভ কৰা সাংস্কৃতিক অনুষ্ঠানৰ পাচতেই ফ্লাড লাইটৰ শুভাৰম্ভ কৰে যোৰহাট জিলা উপায়ুক্ত পুলক মহন্তই (ATPA football tournament) ৷
জেষ্ঠ ক্ৰীড়া সংগঠক ড৹ তপন দত্ত, ননী দত্ত, প্ৰাক্তন ৰেফাৰী পালিত বড়া, ঠেঙাল স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী, অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেন গগৈৰ লগতে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিতি থাকে এই অনুষ্ঠানত ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ হেৰল্ড চাংমায়ে ৷ উদ্বোধনী অনুষ্ঠানটিৰ আঁতধৰে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক বিমান বুঢ়াগোহাঁইয়ে (ATPA football tournament in Jorhat)।