যোৰহাট, 9 জুন :এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওতে সাৱধান হওক ৷ কিয়নো এতিয়া য’তে-ত’তে ঘূৰিছে প্ৰৱঞ্চকৰ দল ৷ যিকোনো মূহুৰ্ততে আপোনাৰ চকুৰ আগৰ পৰাই লৈ যাব পাৰে আপোনাৰ সাঁচতীয়া ধন কেইটা ৷ এনে এক ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নিত (ATM fraud at Marianii) । বৃহস্পতিবাৰে মৰিয়নিত অতি কৌশলৰে তিনিটা প্ৰৱঞ্চকে এজন ব্যক্তিৰ পৰা লুটি লৈ গ’ল 62,500 টকা (ATM fraud looted money in Jorhat at Marianii)।
বিৱৰণি অনুসৰি, বৃহস্পতিবাৰে দিনৰ ভাগতে মৰিয়নি নগৰৰ মাজ-মজিয়াত থকা কানাড়া বেংকৰ ATM ৰ পৰা খালিদা বেগম নামৰ যুৱতীগৰাকীয়ে ভিনিহিয়েক ৰহিমুদ্দিন আলীৰ সৈতে পাঞ্জাৱ নেচনেল বেংকৰ একাউণ্টত থকা ধন উলিয়াবলৈ আহিছিল ৷ কিন্তু পূৰ্বৰ পৰাই উক্ত ATM টোত গ্ৰাহকক লুটিবৰ বাবে খাপ পিটি আছিল তিনিটা যুৱকে ৷
তিনি যুৱকলৈ মন নিদি ৰহিমুদ্দিন আলীয়ে ATM ৰ পৰা সাঁচতীয়া ধন উলিয়াবলৈ গৈছিল ৷ ৰহিমুদ্দিন আলীক টকা উলিয়াবলৈ সহায় কৰাৰ অচিলা লৈ তিনি যুৱকে সলনি কৰি লৈ যায় তেওঁৰ ATM কাৰ্ডখন ৷ সেই কথা তলকিবই নোৱাৰিলে ৰহিমুদ্দিন আলীয়ে ৷ ইফালে কিছু সময় পাচতে আন এটা ATM ৰ পৰা 62 হাজাৰ টকা উলিয়াই লৈ যায় উক্ত প্ৰৱঞ্চকৰ চক্ৰটোৱে ৷