অসম

assam

ATASU demand Tribalization : লোকসভা নিৰ্বাচন পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আটাছুৰ

By

Published : Mar 22, 2023, 7:11 PM IST

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠী জনজাতিকৰণ কৰাৰ দাবী তুলিছে আটাছুৱে । অন্যথা বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ (ATASU demand Tribalization) ৷

ATASU demand Tribalization
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আটাছুৰ

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী আটাছুৰ

যোৰহাট, 22 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ'লে ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আটাছুৰ সভাপতি মিলন বৰগোহাঁইয়ে । ৰাজ্যৰ মৰাণ, মটক, কোঁচ ৰাজবংশী, চুতীয়া, আহোম আৰু চাহ জনগোষ্ঠী তথা ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিশেষ জটিলতা থকা বুলি শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে কৰা মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আটাছুৰ কেন্দ্ৰীয় সভাপতি মিলন বৰগোহাঁইয়ে (ATASU demand Tribalization) ।

আজি অৰ্থাৎ বুধবাৰে মৰিয়নীত সাংবাদিকৰ আগত নেতাগৰাকীয়ে বিষয়টো সন্দৰ্ভত বক্তব্য আগবঢ়ায় কয় যে, কেন্দ্ৰৰ মোদী চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কোনো মন্তব্য অথবা ব্যৱস্থা গ্ৰহণৰ পূৰ্বে ৰাজ্য চৰকাৰৰ সৈতে আলোচনাত মিলিত হয় । অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতি কৰণত বিশেষ অসুবিধা নথকা বুলি মন্তব্য কৰি আহিছে । সমান্তৰালভাৱে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণত জটিলতা থকা বুলি কৰা মন্তব্যই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নথকাটোকে প্ৰতিপন্ন কৰাইছে বুলি মন্তব্য আগবঢ়াই আটাছু নেতা গৰাকীয়ে (ST status to six communities of Assam) ।

আনহাতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে ৰাজনৈতিকভাৱে বিশেষ চিন্তা কৰা হ'ব আৰু সেয়া কেনেধৰণৰ চিন্তা হ'ব সেই বিষয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে এতিয়াই বুজি লোৱা ভাল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় আটাছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কাৰ্যকৰী নহ'লে অসমৰ পৰিৱেশ পৰিস্থিতি যে পুনৰ উত্তাল হৈ পৰিব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে আটাছু নেতা গৰাকীৰ মন্তব্যৰ যোগেদি (Scheduling of six tribes)।

লগতে পঢ়ক :Delhi Budget 2023 : দিল্লীৰ প্ৰতি কেন্দ্ৰৰ উদাসীনতাই ৰাজহ আন্তঃগাঁথনিত আঘাত হানিছে

উল্লেখ্য যে, বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, কোঁচ ৰাজবংশী আৰু টাই আহোমক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু বিজেপি চৰকাৰে ক্ষমতা দখল কৰাৰ পিচত আজিকোপতি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা নহ’ল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ইচ্ছুটো দুয়োখন চৰকাৰে ৰাজনৈতিক ইছ্যু হিচাপে বৰ্তমানো জীয়াই ৰাখিছে । নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ ফলত বৰ্তমান ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন ।

ABOUT THE AUTHOR

...view details