অসম

assam

ETV Bharat / state

গুৰুতৰ ৰোগীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ - যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা

COVID ত আক্ৰান্ত নোহোৱা ৰোগীসকলক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে শুকুৰবাৰে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰিলে, যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে যোৰহাটৰ আন 4 টাকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

আছুৰ প্ৰতিবাদ
আছুৰ প্ৰতিবাদ

By

Published : Aug 7, 2020, 7:24 PM IST

যোৰহাট, 7 আগষ্ট: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ ক্ষোভ উজাৰিলে যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা, উত্তৰ-পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা আৰু বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ আটাইকেইটা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য একত্ৰিত হৈ ৰূপায়ন কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী ৷ তেওঁলোকৰ অভিযোগ, কৰ'ণাৰ নামত অন্যান্য গুৰুতৰ অৱস্থাত থকা ৰোগীসকলৰ স্বাস্থ্যৰ প্ৰতি স্বাস্থ্য বিভাগে অমনোযোগিতা প্ৰদৰ্শন কৰি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিছে ৷ COVID ৰোগত আক্ৰান্ত নোহোৱা ৰোগীসকল পৰ্যাপ্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ অহা লগতে, চিকিৎসাৰ অভাৱত কেইবাগৰাকীও ৰোগীৰ মৃত্যু হৈছে হৈছে বুলি অভিযোগ উত্থাপন কৰে তেওঁলোকে ৷

গুৰুতৰ ৰোগীক পৰ্যাপ্ত চিকিৎসা প্ৰদানৰ দাবীৰে যোৰহাটত আছুৰ প্ৰতিবাদ

যাৰ বাবে শুকুৰবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত 5 টাকৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য একত্ৰিত হৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত COVID ত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ বাবে পৃথক পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷ লগতে সকলো চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত ৰেপিড এণ্টিজেন পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈয়ো দাবী জনায় ছাত্ৰ সন্থাৰ সদস্য সকলে ৷ ইয়াৰোপৰি সকলো চিকিৎসালয়তে COVID ত আক্ৰান্ত নোহোৱা ৰোগীসকলৰ পৰ্যাপ্ত পৰিমাণৰ ভেন্টিলেশ্যন আৰু আই.চি.ইউ ৰখাৰ ব্যৱস্থা কৰাৰ লগতে, হৃদৰোগত আক্ৰান্ত, জুইয়ে পুৰা, ষ্ট্ৰ'ক হোৱা, দুৰ্ঘটনাগ্ৰস্ত লোকসকলৰ ওপৰিও অসুস্থ সকলক সকলো সময়তে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ এই প্ৰতিবাদযোগে দাবী জনায় তেওঁলোকে ৷ আনহাতে চিকিৎসা প্ৰদান নকৰাৰ ফলত মৃত্য়ু হোৱা ৰোগীসকলৰ বাবে উচ্চ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা কৰিবলৈয়ো আহ্বান জনায় তেওঁলোকে ৷

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাহৰকটীয়াত মানৱ শৃংখল

ABOUT THE AUTHOR

...view details