যোৰহাট, 14 এপ্ৰিল :সমগ্ৰ ৰাজ্যতে চলিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন । বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে গাঁৱৰ জীয়াৰী-বোৱাৰী, ডেকা-গাভৰুসকলৰ । পিছ পৰি ৰোৱা নাই নগৰাঞ্চলো । ঢোল-পেঁপা-গগণাৰ শব্দত ৰজনজনাই পৰিছে সমগ্ৰ ৰাজ্য । বিহু আৰু কৃষিৰ মাজত আছে এক নিৱিড় সম্পৰ্ক । ৰঙালী বিহুত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নোৱাৰা পৰম্পৰা আছে । সময়ৰ গতিত তথা আধুনিকতাৰ পৰশ পাই কিছু কিছু পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰিছে । ব'হাগ বিহুত চলি অহা বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হ’ল এশ এবিধ শাক খোৱা (tradition of eating hundred and one kind of xaak) ।
আজি গৰু বিহু ৷ গৰু বিহুৰ দিনা গৰুক নোৱাই-ধোৱাই ন পঘাৰে গৰু বান্ধি সন্ধিয়ালৈ পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত ৷ গৰু বিহুৰ দিনা দিনত প্ৰায় সকলোৱে দৈ-চিৰা জলপান খাই ৰাতিলৈ একেলগে ভাত খোৱাৰ যো-জা চলাই ৷ গৰু বিহুৰ দিনাৰ ভাত সাজৰ এক বিশেষত্ব হ’ল যে, সেইদিনা অসমীয়াই বাৰীৰ পৰা এশ এবিধ শাক বুটলি ভাতৰ লগত এই বিশেষ আঞ্জাখন খাই (Goru bihu tradition) ৷
পৰম্পৰা ৰক্ষা কৰি খোৱা এই এশ এবিধ শাকৰ আছে নানা ঔষধি গুণাগুণ ৷ গাঁও অঞ্চলত সকলোৰে বাৰীতে শাক উপলব্ধ যদিও নগৰাঞ্চলত শাক কিনিবলৈ মানুহে বজাৰলৈ লৰ দিব লাগে ৷ গাঁৱৰ শাক-পাচলিৰ ব্যৱসায়ীয়ে নিজৰ বাৰীৰ পৰা চহৰলৈ লৈ আহে এই শাক বেচিবলৈ ৷ নগৰাঞ্চলৰ লোকে উক্ত শাক ক্ৰয় কৰিয়েই ৰক্ষা কৰে বিহুৰ পৰম্পৰা ৷ যোৰহাটতো দেখা গ’ল এই দৃশ্য (Rangali bihu eating hundred and one kind of xaak) ৷