অসম

assam

ETV Bharat / state

বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত - যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন

নৃত্য-গীতৰে মুখৰিত যোৰহাটৰ চুকাফা সমন্ধয় ক্ষেত্ৰ ৷ প্ৰথমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ'ল দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান ৷

বিদেশী শিল্পীৰ মুখত সুধাকন্ঠৰ কালজয়ী গীত

By

Published : Nov 4, 2019, 8:06 AM IST

যোৰহাট, 3 নৱেম্বৰ: অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান ৷ আঠদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ মহবন্ধাস্থিত চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত চলিত মাহৰ 1 তাৰিখৰ পৰা 8 তাৰিখলৈ যোৰহাট জিলাত অনুষ্ঠিত হৈছে এই সন্মিলন তথা প্ৰদৰ্শনী ৷

দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান

এই অনুষ্ঠানতে দেওবাৰে চীনৰ পৰম্পৰাগত বাদ্যফি-ফা বাজি উঠিল সুধাকন্ঠৰ কালজয়ী বিহু গীতত। এই কালজয়ী বিহু গীতৰ কলিত গীত গাই মন্ত্ৰমুগ্ধ কৰিলে চীন দেশৰ শিল্পীয়ে‌ । এই অনুষ্ঠানত অসমৰ লগতেচীন,থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ নৃত্যত উজলি উঠিল যোৰহাটৰ মহবন্ধাস্থিত স্বৰ্গদেউ চাউলুং চুকাফা সমন্ধয় ক্ষেত্ৰ

দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান

দেওবাৰে অনুষ্ঠিত হোৱা এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে চীন,থাইলেণ্ড আৰু বাংলাদেশৰ শিল্পীৰ দলে । চীন থাইলেণ্ডৰ শিল্পীৰ প্ৰদৰ্শন কৰা নৃত্য আৰু পৰম্পৰাগত সংগীত প্ৰদৰ্শনে উপস্থিত দৰ্শক মন্ত্ৰমুগ্ধ কৰি তুলিবলৈ সক্ষম হয়। বিখ্যাত ঢোলৰ ওজা মঘাই ওজাৰ স্মৃতিত ঢোল বাদনৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যখনৰ কৃষি মন্ত্ৰী অতুল বৰা

দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী অনুষ্ঠান

কৃষিমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয় যে,দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘এক্ট ইষ্ট’ নীতিৰ লগতে এনে সাংস্কৃতিক অনুষ্ঠানে ওচৰ চুবুৰীয়া দেশৰ মাজত সমন্ধয়ৰ সেঁতু গঢ়াত সহায় কৰিব । লগতে কৃষি মন্ত্ৰীগৰাকীয়ে চুকাফা সমন্বয় ক্ষেত্ৰৰ আধৰুৱা হৈ থকা কামসমূহ অতি সোনকালে সম্পূৰ্ণ কৰাত আৰ্থিক সহায়ৰ ক্ষেত্ৰত আগভাগ ল’ব বুলি জানিবলৈ দিয়ে ৷

যোৰহাটত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সন্মিলন আৰু প্ৰদৰ্শনী

আনহাতে দক্ষিণ পূৰ্ব এছিয়া সাংস্কৃতিক সন্মিলনৰ মুখ্য সম্পাদিকা জীনা ৰাজকুমাৰীয়ে জনোৱা মতে ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই সাংস্কৃতিক অনুষ্ঠানে সমন্বয়ৰ সেঁতু গঢ়াত সহায় কৰিব ৷ এই অনুষ্ঠানতে অহা 5 নৱেম্বৰত ডঃ ভূপেন হাজৰিকাৰ স্মৃতিত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details