অসম

assam

ETV Bharat / state

পৰম্পৰা ধৰি ৰখাৰ চেষ্টাত টীয়কবাসী - টীয়ক

টীয়কৰ জহাখাট অঞ্চলটোৰ ৰাইজে উলহ-মালহৰে উদযাপন কৰে গৰু বিহু । নগৰৰ বাসিন্দাই ঘৰ সাজিবলৈ ক্ৰয় কৰা মাটিৰ মাজত থকা পুখুৰীৰ পানীৰে ৰাইজে গৰুক গা ধোৱাই আনন্দ কৰে ।

টীয়কত ৰাইজৰ গৰু বিহু উদযাপন

By

Published : Apr 14, 2019, 12:14 PM IST

টীয়ক, 14 এপ্ৰিলঃ আজি গৰু বিহু ৷ গৰু বিহুৰ দিনা ৰাজ্যৰ অন্যান্য স্থানৰ লগতে টীয়কৰ জহাখাট অঞ্চলটোৰ ৰাইজে উলহ-মালহৰে উদযাপন কৰে গৰু বিহু । নগৰৰ বাসিন্দাই ঘৰ সাজিবলৈ ক্ৰয় কৰা মাটি মাজত থকা পুখুৰীৰ পানীৰে ৰাইজে গৰুক গা ধোৱাই আনন্দ কৰে।

টীয়কত ৰাইজৰ গৰু বিহু উদযাপন

পুৱাই গৰুক মাহ হালধি সানি দীঘলতি মাখিয়তী লাও বেঙেনা তিয়হেৰে গা ধোৱাৰ লগতে অঞ্চলৰ ডেকা-বুঢ়া, জীয়ৰী- বোৱাৰী , কণমানি সকলোৱে বিহু গাই আনন্দ কৰে । বাপতিসাহোন বিহুটিৰ ঐতিহ্য পৰম্পৰা যাতে নৱপ্ৰজন্মৰ মাজত জীয়াই থাকে সেই উদ্দেশ্যেই নগৰৰ মাজমজিয়াত কংক্ৰীটৰ অট্টালিকাৰ মাজত থকা পুখুৰী সদৃশ দ মাটিতে গৰু বিহু পালন কৰিছে এইসকল নগৰবাসীয়ে ।

ABOUT THE AUTHOR

...view details