তিতাবৰত ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাইছে নাচনীয়ে - ৰঙালী
অসমৰ গাঁৱে-ভূঞে এতিয়া কেৱল ৰঙালীক আদৰাৰ ব্যস্ততা । সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো অসমীয়া বাপুতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত ৷
তিতাবৰত বিনামূলীয়া নৃত্য প্ৰশিক্ষণ
তিতাবৰ, 6 এপ্ৰিলঃ আগন্তুক ৰঙালী বিহুৰ বতৰাই এতিয়া অসমত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে । অসমৰ গাঁৱে-ভূঞে এতিয়া কেৱল ৰঙালীক আদৰৰ ব্যস্ততা । সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো অসমীয়া বাপুতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুংগত ৷ বিহুৰ প্ৰস্তুতিৰ অংশ হিচাপে তিতাবৰৰ মিলিজুলি যুৱ সংঘৰ উদ্যোগত শিশুসকলক দিয়া হৈছে বিনামূলীয়া নৃত্য প্ৰশিক্ষণ ৷ তিতাবৰৰ বিহু কৰ্মশালাৰ প্ৰাঙ্গনত বৰ্তমান ঢোলৰ গুমগুমণি আৰু নাচনীৰ কঁকাল ভঙা নাচে বিহুৰ পৰিৱেশ দুগুণে আনন্দময় কৰি তুলিছে ।