টীয়ক,৩১ মেঃ :টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান চাহ বাগিচাৰ মাজত এহাল যুৱক-যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত।
টীয়কত প্ৰেমিক-প্ৰেমিকাৰ আত্মহনন
মৃত ৰাজীৱ মাহিলী আৰু মৃত পূৰ্ণিমা মাহিলীৰ মাজত দীৰ্ঘ দিনীয়া প্ৰেম আছিল যদিও প্ৰেমিক ৰাজীৱৰ বয়স বৃদ্ধিৰ বাবে প্ৰেমিকা পূৰ্ণীমাৰ পৰিয়ালৰ লোকে বাধা দিয়াত উপায়ন্তৰ হৈ আত্মহত্যা কৰে দুয়ো প্ৰেমিক যুগলে ।
আত্মহত্যা কৰা যুৱকজনৰ নাম ৰাজীৱ মাহিলী আৰু যুৱতী গৰাকীৰ নাম পূৰ্ণিমা মাহিলী বুলি চিনাক্ত। নিহত ৰাজীৱ আৰু পূৰ্ণিমাৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। প্ৰেমিক ৰাজীৱতকৈ প্ৰেমিকাৰ বয়স বেছি হোৱাৰ বাবে পৰিয়ালৰ মাজত দুয়োৰে প্ৰেমত বাধা আহে। সেই লৈ দুয়ো প্ৰেমিক-প্ৰেমিকাই বৃহস্পতিবাৰে নিশা একেডাল ৰচীৰে ডিঙিত মেৰিয়াই আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়। শুকুৰবাৰে পুৱা একাংশ লোকে মৃতদেহ দুটা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে।
লগতে আন এটা বাতৰি - কৰিমগঞ্জ চহৰৰ মাজমজিয়াত নৃশংস হত্যা