যোৰহাট, ১৯ জুলাইঃ প্ৰলয়ংকাৰী বানে সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ । প্ৰায় ১২ কিঃমিঃ পথৰ অৱস্থা অতি শোচনীয় । জনপ্ৰতিনিধিৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ।
চৰকাৰী সাহায্যৰ পৰা বঞ্চিত জাঁজীমুখৰ ৰাইজ - বিস্তৰ ক্ষতি
প্ৰলয়ংকাৰী বানত সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন হয় । সেই অঞ্চলৰ কেইজনমান উদীয়মান যুৱকে হাতে হাতে কোৰ লৈ পথটো মেৰামতি কৰি যানবাহন চলিব পৰাকৈ ব্যৱস্থা কৰি দিছে । যুৱকসকলৰ এই পদক্ষেপক শলাগ লৈছে স্থানীয় ৰাইজে ৷
প্ৰলয়ংকাৰী বানত সমগ্ৰ অসমৰ লগতে টীয়কৰ জাঁজীমুখটো বিস্তৰ ক্ষতি সাধন হয় । বানৰ কৱলত ঘৰ দুৱাৰ ,খেতি পথাৰ ,বাট পথ সকলোতে বিস্তৰ ক্ষতি সাধন হয় । অৱশ্যে বানাক্ৰান্ত ৰাইজক চৰকাৰ তথা বিভিন্ন দল সংগঠনে সহায়ৰ হাত আগবঢ়াইছে যদিও এই পৰ্যন্ত ভিতৰুৱা অঞ্চলৰ ৰাইজ এই সাহাৰ্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । সমান্তৰালকৈ বানপানীৰ ফলত জাঁজীমুখৰ প্লেটফৰ্মৰ পৰা হাতীশাল পৰ্যন্ত সুদীৰ্ঘ ১২ কি মি পথৰ অৱস্থা অতি শোচনীয় হোৱা বাবে শুকুৰবাৰে সেই অঞ্চলৰ কেইজনমান উদীয়মান যুৱকে গাঁঠিৰ ধন ভাঙি হাতে হাতে কোৰ, টেক্ট্ৰৰ লৈ পথটো মেৰামতিৰ ব্যৱস্থা কৰে । যুৱকসকলৰ এই পদক্ষেপক ৰাইজে শলাগ লোৱাৰ লগতে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে উক্ত পথটো মেৰামতি কৰি যাতায়াতৰ বাবে সুবিধা কৰি দিবলৈ আহ্বান জনাইছে ।
লগতে আন এটা বাতৰি - ভেলেঙীৰ বানত উটি গ'ল মথাউৰিঃ ৫ গাঁও ক্ষতিগ্ৰস্থ