অসম

assam

By

Published : Aug 21, 2023, 5:02 PM IST

ETV Bharat / state

Assam Start up Fest 2023: গুৱাহাটীলৈ আহিব গুগল,মাইক্ক্ৰ'চফ্টৰ চি ই অ'

তিনিদিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম ষ্টাৰ্ট আপ ফেষ্ট। এই বিষয়ে সদৰী কৰিছে অসম ঔদ্যোগিক আন্তঃগাথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে ।

Press Meet of AIIDC in Jorhat
অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম

যোৰহাট, ২১ আগষ্ট:নতুন উন্মেষ,সৃষ্টি প্ৰেৰণাৰে অহা ২৩ আগষ্ট পৰা ২৫ আগষ্টলৈ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব অসম ষ্টাৰ্ট আপ ফেষ্ট ২০২৩। সোমবাৰে যোৰহাট আৱৰ্ত ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰিছে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে ।

অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে এই বিষয়ে উল্লেখ কৰি কয় যে ষ্টাৰ্ট আপ অসমৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যে হৈছে উদ্যোগ ক্ষেত্ৰত যুৱক-যুৱতী সকলক সামৰি লোৱা । ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত অসমে যাতে আত্মনিৰ্ভৰ হ'ব পাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । উক্ত উদ্দেশ্য আগত ৰাখিয়ে অসম ষ্টাৰ্ট আপ ফেষ্ট ২৩ অনুষ্ঠিত কৰা হৈছে বুলি কয় অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে ।

গুৱাহাটীৰ আমবাৰীত ২৩-২৫ আগষ্টত অনুষ্ঠিত হ'ব লগা ষ্টাৰ্ট আপত গুগল,মাইক্ক্ৰ'চফ্টৰ চি ই অ'ৰ লগতে দেশৰ বহুকেইগৰাকী প্ৰতিষ্ঠিত উদ্যোগী উপস্থিত থাকিব বুলি অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে কয় । সংবাদমেলত আন্ত:গাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰী আৰু পৰিচালন সঞ্চালক চিন্ময় প্ৰকাশ ফুকনে এই বিষয়ে উল্লেখ কৰি পুনৰ কয় যে অসম ষ্টাৰ্ট আপ ফেষ্টৰ জৰিয়তে যুৱক যুৱতীকে আদি কৰি সকলোকে উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰা হ'ব যাতে অসমে নিজৰ ভৰিত থিয় দিব পাৰে ।

ইয়াৰ জৰিয়তে অন্য ৰাজ্য আৰু ৰাষ্ট্ৰলৈ বিভিন্ন সামগ্ৰী আৰু বয়-বস্তু ৰপ্তানি কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পুজাৰীয়ে । অসম ষ্টাৰ্ট আপ ফেষ্ট ২৩ৰ জ্ঞান অংশীদাৰ হিচাপে আই এম কলকাতাই সহযোগ কৰা বুলি উল্লেখ কৰে অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ অধ্যক্ষগৰাকীয়ে । উল্লেখ্য যে ২০১৯ চনত গুৱাহাটীৰ আমবাৰীত অসম ষ্টাৰ্ট আপ ফেষ্ট প্ৰতিষ্ঠা কৰা হয় ।

লগতে পঢ়ক:Assam BJP internal conflict: বিজেপিত সংঘাত সৃষ্টি কৰিবলৈ কংগ্ৰেছে আনিছে ন-বিজেপি পুৰণি বিজেপিৰ প্ৰসংগ !

For All Latest Updates

ABOUT THE AUTHOR

...view details