সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট, ১৩ ছেপ্টেম্বৰ:যোৰহাটত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদমেল সম্বোধন কৰি মন্ত্রী বিমল বড়াৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই এই সন্দৰ্ভত কয় ," ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা পাতৰ উচিত মূল্য নোপোৱা বাবে দীৰ্ঘদিন ধৰি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । লগতে বহু সময়ত কেঁচা পাত পেলাই দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । তেনে সময়ত উদ্যোগ মন্ত্রী বিমল বড়াই দায়িত্বজ্ঞানহীনভাৱে ক্ষুদ্ৰ চাহ খেতিয়ক সকল সুসংহতভাৱে সংঘবদ্ধ নহয় বুলি মন্তব্য় কৰিছে । ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতৰ মান বেয়া বুলি যি মন্তব্য কৰিছে ।" সেয়া ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বাবে কেতিয়াও গ্রহণযোগ্য নহয় বুলি তেওঁ কয় ।
সন্থাৰ সভাপতি ৰাজেন বৰাই কয়," মন্ত্রীগৰাকীৰ এনে মন্তব্য বটলিক ফেক্টৰী সমূহৰ মালিক সকলে কোৱা ভাষ্যৰ দৰে হৈছে । আৰু আমি অনুমান কৰিছো যে মন্ত্রী বিমল বড়াই বটলিক ফেক্টৰীৰ মুখপাত্ৰ হিচাপে কাম কৰিছে । মন্ত্ৰী গৰাকীৰ এনে মন্তব্যই কেঁচা পাতৰ মূল্য আৰু অধিক হ্ৰাস হোৱাতহে অৰিহণা যোগাব । ইয়াৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাটো একপ্ৰকাৰ নিশ্চিত ।" মন্ত্রীগৰাকীৰ এনে মন্তব্যই নিজৰ বিভাগৰ অধীনত থকা ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উচিত মূল্য দিয়াৰ পৰিবৰ্তে খেতিয়কে উচিত মূল্য লাভ নকৰাটো স্বীকাৰ কৰি নিজৰ বিভাগৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়া পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াই ।
কালি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰশ্নোত্তৰকালীন সময়ছোৱাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্রীগৰাকীয়ে দিয়া উত্তৰৰ সমালোচনা কৰি বুধবাৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই যোৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এইদৰে কয় । সন্থাৰ সভাপতি ৰাজেন বৰাই লগতে কয় যে, কালি ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সমস্যাক লৈ যি উত্তৰ মন্ত্রী বিমল বড়াই সদনৰ মজিয়াত দিলে সেই উত্তৰ শুনি ক্ষুদ্ৰ চাহ খেতিয়ক সকল অসন্তুষ্ট হৈ পৰিছে । মন্ত্রী বিমল বড়াৰ এনে মন্তব্যই তেওঁ নিজকে পুঁজিপতি গোষ্ঠীৰ হাতত বিক্ৰী হোৱাৰ কথা প্ৰতীয়মান কৰিলে ।
তেওঁ কয় যে মন্ত্রী গৰাকীৰ এনে মন্তব্যই বটলিক ফেক্টৰী সমূহক কেঁচা পাতৰ মূল্য আৰু অধিক হ্ৰাস কৰি দিয়াৰ ক্ষেত্ৰত উদগনিহে জনাব । ৰাজ্যত কেঁচা পাতৰ ভাল মূল্য দিয়া ফেক্টৰীও আছে । কিন্তু তেনে ফেক্টৰীৰ সংখ্যা কেৱল মাত্ৰ ১০ শতাংশ মানহে । এই ফেক্টৰী সমূহে কেঁচা পাতৰ মূল্য ৩৫/৪০ টকা পৰ্যন্তও দিয়ে । কিন্তু অন্যান্য ফেক্টৰী সমূহে দিয়ে মাত্ৰ ১৫ টকা । তদুপৰি মন্ত্রী গৰাকীয়ে কৈছে যে, চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বিভিন্ন সময়ত বিভিন্ন সহায় সহযোগিতা আগবঢ়াই আহিছে । ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে বঁটা বাহন, সা সঁজুলি আদি প্ৰদান কৰি চৰকাৰে সহায় কৰা কথাটো এপাছি শাকত এটা জালুকৰ দৰে কথা।
সন্থাৰ সভাপতি ৰাজেন বৰাই লগতে কয় যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰশিক্ষণ আদিৰ বাবে চাহ গৱেষণা কেন্দ্ৰ, কৃষি বিশ্ববিদ্যালয় আদি প্ৰতিষ্ঠানক উদ্যোগ হিচাপে দিয়া ধন সমূহ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ পৰা কাটি ৰখা উপকৰ পুঁজিৰ । উপকৰ পুঁজিৰ অৱশিষ্টখিনি ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে সন্থাই আৰ্হি প্ৰস্তুত কৰি দিছে যদিও সেই সমূহত গুৰুত্ব প্ৰদান নকৰি নিজ ইচ্ছামতে ব্যয় কৰিছে। পাতৰ মান উন্নত কৰাৰ স্বাৰ্থত সন্থাই নিজা প্ৰচেষ্টাত খেতিয়কক সজাগ কৰি উন্নত কৰিবলৈ সক্ষম হৈছে । কিন্তু বহিঃৰাজ্যৰ পৰা বেয়া চাহপাত সংগ্ৰহ কৰি একাংশ কলঘৰে মান নিম্নমানৰ কৰা বাবে ক্ষুদ্ৰ চাহ খেতিয়ক সকল জগৰীয়া নহয় বুলি তেওঁ কয় ।
আজিৰ সংবাদমেলত সংস্থাৰ সভাপতি ৰাজেন বৰাই লগতে কয় যে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সুৰক্ষা তথা তেওঁলোকৰ ভবিষ্যত নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰ তথা চাহ কেন্দ্ৰক বাৰম্বাৰ দাবী জনায় অহা হৈছে যদিও এই ক্ষেত্ৰত কোনো পক্ষই কোনো গুৰুত্ব আৰোপ কৰা নাই । ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতি সকলো পক্ষৰে ভূমিকা পুতৌজনক । অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীৰে অহা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সমূহ চাহ বোৰ্ডৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা ধাৰাবাহিকভাৱে ৰূপায়ন কৰাৰ লগতে উদ্যোগমন্ত্রী বিমল বড়াৰ প্ৰতিকৃতি দাহ কৰিব বুলি সকীয়াই দিয়ে । ইমানৰ পাছতো যদি চৰকাৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ দীৰ্ঘদিনীয়া দাবী সমূহ পূৰণ নকৰে তেন্তে "দিছ্পুৰ চলো" কাৰ্যসূচী ৰূপায়ন কৰিব । আজিৰ সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক ৰাজেশ কুমাৰ দত্ত, দুৰ্লভ বৰা, যোৰহাট জিলা সমিতিৰ জীৱন শইকীয়া, কৃষ্ণ প্ৰসাদ শৰ্মাও উপস্থিত থাকে।
লগতে পঢ়ক: Tea workers protest:সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উদ্যোগত বিশাল গণ গৰ্জন কাৰ্যসূচী