যোৰহাট,16 জানুৱাৰীঃ ব্যতিক্ৰমী কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশন ৷ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনখন বস্ত্ৰনগৰী শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰত ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ৷ বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত এক সংবাদমেলত সভাপতি পৰমানন্দ ৰাজবংশীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে ৷অধিৱেশন সম্পৰ্কে সভাপতি ৰাজবংশীয়ে ক্ষোভেৰে জনায় যে,বিগত ৯ বছৰ পূৰ্বে অধিৱেশনৰ দিন ধাৰ্য কৰা হৈছিল ৷ যাতে সকলো লোকে অধিৱেশনত অংশ ল’ব পাৰে ৷ কিন্তু অধিৱেশনৰ সময়তে ৰাজ্য চৰকাৰে শিক্ষা বিভাগৰ সহযোগত ৰাজ্যত গুণোৎসৱ পতা কাৰ্যক ধিক্কাৰ দিছে সভাপতি গৰাকীয়ে ৷
উল্লেখ্য যে,শুৱালকুছি অধিৱেশন ৩১ জানুৱাৰীত ডঃ মামণি ৰয়ছম গোস্বামী সোঁৱৰণী গ্ৰন্থোৎসৱৰ দ্বাৰ উদ্ঘাটনৰ জৰিয়তে আৰম্ভ হ’ব ৷ অধিৱেশনত মেডাম মেফিৰ উপৰি বিহগী কবি ৰঘূনাথ চৌধাৰী কবি সন্মিলন,আনন্দ চন্দ্ৰ বৰুৱা সোঁৱৰণী গ্ৰন্থ উন্মোচনী অনুষ্ঠান,লক্ষ্যধৰ চৌধুৰী সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। ২ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অধিৱেশনত উপস্থিত হৈ ''মামণি ৰয়ছম গোস্বামী ৰাষ্ট্ৰীয় বঁটা" প্ৰদান কৰিব । লগতে ২ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন মুকলি অধিৱেশন উদ্বোধন কৰিব পদ্মশ্ৰী ৰংবং তেৰাঙে য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি ।