অসম

assam

ETV Bharat / state

Assam Sahitya Sabha : অসম গ্ৰন্থমেলাত বন্ধ অসম সাহিত্য সভাৰ বিপণি - Assam Sahitya Sabha employees protest

এইবাৰ অসম গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ গ্ৰন্থ বিপণি অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে । যাৰ বাবে অসম গ্ৰন্থমেলাত সাহিত্য সভাৰ গ্ৰন্থ বিপণিৰ দুৱাৰ খোল নাখায় । পাঁচ মাহ ধৰি দৰমহা আদায় নোপোৱাৰ প্ৰতিবাদত অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে কৰ্মত অসহযোগ কৰাৰ বাবে গ্ৰন্থ বিপণি বন্ধ (Assam Sahitya Sabha employees protest) ।

Jorhat
Jorhat

By

Published : Dec 8, 2022, 4:41 PM IST

যোৰহাট, ৮ ডিচেম্বৰ :অসম গ্ৰন্থমেলাত বন্ধ অসম সাহিত্য সভাৰ বিপণি (Assam Book Fair Jorhat) । "দৰমহা নোপোৱাৰ প্ৰতিবাদত অসম সাহিত্য সভাৰ (Assam Sahitya Sabha) কৰ্মচাৰীৰ কৰ্মত অসহযোগৰ বাবে বন্ধ গ্ৰন্থ বিপণি" । এনেদৰে লিখি বেনাৰ আঁৰিবলগা হ'ল অসম সাহিত্য সভাই । উল্লেখ্য, অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থা আৰু অসম শৈক্ষিক ন্যাসৰ উদ্যোগত ২ ডিচেম্বৰৰ পৰা যোৰহাটৰ কাছাৰী ময়দানত আৰম্ভ হৈছে অসম গ্ৰন্থমেলা যোৰহাট ।

অসম গ্ৰন্থমেলাত বন্ধ অসম সাহিত্য সভাৰ বিপণি

কিন্তু অসম গ্ৰন্থমেলাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । এই দৃশ্যই এতিয়া প্ৰত্যকজন গ্ৰন্থপ্ৰেমীকে দুখিত কৰি তুলিছে । এইবাৰ অসম গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ গ্ৰন্থ বিপণী অনিৰ্দিষ্টকালৰ বাবে বন্ধ হৈ পৰিছে । যাৰ বাবে অসম গ্ৰন্থমেলাত সাহিত্য সভাৰ গ্ৰন্থ বিপণিৰ দুৱাৰ খোল নাখায় । পাঁচ মাহ ধৰি দৰমহা আদায় নোপোৱাৰ প্ৰতিবাদত অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে কৰ্মত অসহযোগ কৰাৰ বাবে গ্ৰন্থ বিপণি বন্ধ (Assam Sahitya Sabha employees protest) ।

যাৰ বাবে অসম সাহিত্য সভাই এইদৰে অসম গ্ৰন্থমেলাত বেনাৰ লিখি নিজৰ বিপণি বন্ধ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে জাতিটোৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যজনক বাৰ্তা একোৱে হ'ব নোৱাৰে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে । উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ ৰাজ্যৰ ৪২ জন সাহিত্য সভাৰ কৰ্মচাৰীয়ে বিগত পাঁচ মাহ ধৰি দৰমহা নোপোৱাৰ প্ৰতিবাদত এনেদৰে অসম গ্ৰন্থমেলাৰ বিপণীত গোহাৰি লিখি সাহিত্য সভাৰ বিপণী বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত হৈ অহা সাহিত্য সভাৰ ৪২জন কৰ্মচাৰীয়ে অনিচ্ছা সত্ত্বেও এনেদৰে অসহযোগ কৰিবলৈ বাধ্য হোৱা বুলিও দুখ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে । কাৰণ তেওঁলোকৰ পৰিয়াল আছে আৰু পৰিয়াল পোহপাল দিবলৈ লগতে কাৰ্যালয়লৈ অহা-যোৱা কৰিবলৈ তেওঁলোক অপৰাগ হৈ পৰিছে । কাৰণ তাৰ বাবে তেওঁলোকৰ হাতত পইচা নাই । উল্লেখ্য যে অসম সাহিত্য সভাৰ ভিতৰ চ'ৰাত অৰাজকতা বিৰাজ কৰাৰ বাবে সাহিত্য সভাৰ ৪২জনতকৈ অধিক কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে (Assam Sahitya Sabha controversy) ।

বিগত সময়চোৱাতো সাহিত্য সভাৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ দাবীত আন্দোলন তথা প্ৰতিবাদত বহিবলৈ বাধ্য হৈছিল । তাৰ মাজতে বিগত দিনবোৰত সাহিত্য সভাৰ বিভিন্ন কাম-কাজ আৰু বিভিন্ন মন্তব্যক লৈ জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ অভিযোগ উথাপিত হৈছে । আনহাতে, অসমৰ জাতীয় জীৱনৰ পৱিত্ৰ মজিয়া সাহিত্য সভাত কিয় বেমেজালি সৃষ্টি হ'বলৈ ধৰিছে, মনে-প্ৰাণে সাহিত্য সভাক ভাল পাই সাহিত্য সভাৰ কাম-কাজত জড়িত কৰ্মচাৰীসকলক কিয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই বঞ্চনা কৰি আহিছে, সেয়া আজিৰ তাৰিখত এক উত্তৰবিহীন প্ৰশ্ন হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক :HSLC exam2023: নতুন শিক্ষানীতিৰে ৩ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

ABOUT THE AUTHOR

...view details