যোৰহাটত স্থাপন হ'ব অসম জাতীয় আদৰ্শ বিদ্যালয় - Dr. Paramananda Rajbanshi
যোৰহাটত অসম জাতীয় আৰ্দশ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত । অসম সাহিত্য সভা আৰু "ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোৱৰণী শৈক্ষিক ন্যাস"ৰ মাজত চুক্তি সম্পন্ন ৷

যোৰহাট, 5 ছেপ্তেম্বৰঃ প্ৰাক-প্ৰাথমিক স্তৰৰ পৰা ব্যক্তিগত খণ্ডত বিশ্বমানৰ আন্তঃগাঁথনিৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা অসম আৰ্দশ জাতীয় বিদ্যালয়ৰ প্ৰথমখন বিদ্যালয় যোৰহাটত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম সাহিত্য সভাই । অসম সাহিত্য সভা আৰু ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাসৰ মাজত হোৱা এক চুক্তি মৰ্মে বিদ্যালয়খন বৰ্তমান তৰাজানস্থিত ভেলী হাই একাডেমীৰ চৌহদত প্ৰতিষ্ঠাৰ বাবে স্থান নিৰ্বাচন কৰা হৈছে । উল্লেখ্য যে বিদ্যালয়খনত পহিলা জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হ'ব ৷ যোৰহাট সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয়ৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত আয়োজিত সংবাদ মেলত এই কথা ব্যক্ত কৰে সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷