অসম

assam

ETV Bharat / state

Assam Rice Research Institute : অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি - সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰ

ধান গৱেষণাৰ দিশত উজ্জলিছে অসম । অসম ধান গৱেষণা প্ৰতিষ্ঠানলৈ সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰৰ স্বীকৃতি (Best Rice Research Centre at all India level) ।

Best Rice Research Centre at all India level
সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা কেন্দ্ৰ

By

Published : May 5, 2023, 10:50 PM IST

যোৰহাট, 5 মে’ :ধান গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শতবৰ্ষ গৰকা তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানে সৰ্বভাৰতীয় পৰ্যায়ৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি লাভ কৰিছে (Assam Rice Research Institute) ।

ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক সৰ্বভাৰতীয় বাৰ্ষিক পৰ্যালোচনা সভাত শুকুৰবাৰে অসম ধান গৱেষণা প্ৰতিষ্ঠানক সৰ্বভাৰতীয় পৰ্যায়ত কৃষি গৱেষণা প্ৰকল্পৰ শ্ৰেষ্ঠ ধান গৱেষণা প্ৰতিষ্ঠানৰ স্বীকৃতি প্ৰদান কৰা হয় । অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়াৰ নেতৃত্বত গৱেষক বিজ্ঞানীৰ দলে সৰ্বভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ আৰ এম সুন্দৰমৰ পৰা এই সন্মান গ্ৰহণ কৰে (Best Rice Research Centre at all India level)।

লগতে পঢ়ক :Foundation stone of open stage laid: শ্ৰীশ্ৰী বদলা পদ্ম আতা কলাক্ষেত্ৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন

এই অনুষ্ঠানত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড৹ এছ কে প্ৰধান, ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ এ কে নায়কো উপস্থিত থাকে । আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক বাৰ্ষিক পৰ্যালোচনা সভাৰ আজি সামৰণি পৰে ।

পৰিৱৰ্তিত পৰিস্থিতিত ধান গৱেষণাৰ ক্ষেত্ৰখনত ল’বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে এই বৈঠকত বিশেষভাৱে পৰ্যালোচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকত ধান গৱেষণাৰ লগত জড়িত দেশৰ কৃষি বিশ্ববিদ্যালয়সমূহ, গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু এই দিশৰ লগত জড়িত নিৰ্বাচিত কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰি ধান গৱেষণাৰ দিশত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে সংকল্পবদ্ধ হয় ।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত কৃষকৰ পৰা উচিত মূল্যত ধান ক্ৰয় কৰিবলৈ স্থাপন কৰা হৈছিল ধান ক্ৰয় কেন্দ্ৰ ৷ কিন্তু এইসমূহ কেন্দ্ৰৰ পৰা কৃষকে আশানুৰূপ ফল পোৱা নাই বুলি অভিযোগ উত্থাপন কৰি আহিছে ৷

লগতে পঢ়ক :New tea factory at Jonai: ১২ কোটি টকা ব্যয়ৰে জোনাইত নিৰ্মাণ চাহ ফেক্টৰী

ABOUT THE AUTHOR

...view details