টীয়ক, ৮ জুন :অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় কাৰ্যালয়ত সোমবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ লগতে অসমৰ কেইবাটাও জলন্ত সমস্যা সমাধানৰ দাবীত এক সংবাদ মেল সম্বোধন কৰে । উপদেষ্টা মনোজ গগৈয়ে সাংবাদিক সকলক সম্বোধি কয় যে, ৰাজনৈতিক মেৰপাকত বন্দী হৈ সংগ্ৰামী সত্বা অখিল গগৈ কাৰাগাৰত ১৮০ দিন ধৰি বন্দী হৈ আছে ।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ই মাওবাদীৰে সৈতে সম্পৰ্ক থকা অভিযোগত গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক। কিন্তু ২৯ মে' তাৰিখে NIA ই আদালতত তথ্য প্ৰমাণৰ অবিহনে কেৱল অভিযোগ আৰোপ কৰি প্ৰায় ৪০ পৃষ্ঠা চাৰ্জশ্বীট দাখিল কৰে নিয়াৰ আদালতে । এই ৪০ পৃষ্ঠাৰ ১৯ পৃষ্ঠা অভিযোগ হোৱাৰ বিপৰীতে বাকী ২১ পৃষ্ঠা বিভিন্ন নথি সংলগ্ন চাৰ্জশ্বীট বুলি উল্লেখ কৰে ।
সমগ্ৰ বিশ্বতে COVID-19 ৰ ত্ৰাসৰ বাবে উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি বিভিন্ন ৰাজ্যত কাৰাবন্দী সকলক মুক্তি দিছে কিন্তু তাৰ বিপৰীতে জামিন পোৱাৰ পিছতো পুনৰ গোচৰ ৰুজু কৰি অখিল গগৈক ১৮০ দিনে কাৰাবন্দী কৰি ৰখাতো এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সংগঠনটোৱে অভিযোগ উখাপন কৰে। ইয়াৰ যোগেদি চৰকাৰে মানৱাধিকাৰ ভংগ কৰাৰ ওপৰিও গণতন্ত্ৰকো ধূলিসাৎ কৰাৰ লগতে এক প্ৰতিশোধ পৰায়ণ মনোবৃত্তিহে দাঙি ধৰিছে বুলি সংগঠনটোৱে আক্ষেপ কৰে ।
অখিল গগৈক দীঘলীয়া ভাৱে বন্দী কৰি থোৱাৰ সুযোগ লৈ বিজেপি চৰকাৰে বিভিন্ন ধৰণৰ জনবিৰোধী কাম হাতত লৈছে। তাৰ মাজতে উত্তৰ-পূৱৰ আমাজন হিচাপে খ্যাত দিহিং পাটকাই বৰ্ষাৰণ্যৰ চেলেকি সংৰক্ষিত বনাঞ্চলত কয়লাৰ মুক্ত খননৰ বাবে অনুমতি প্ৰদান কৰিছে,ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সাতটা স্থানত অইল ইণ্ডিয়া খনন আৰু হাইড্ৰকাৰ্বন পৰীক্ষণৰ বাবে গ্ৰহণ কৰা হৈছে হঠকাৰী সিদ্ধান্ত ।