অসম

assam

ETV Bharat / state

নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

অসম নাগালেণ্ড সীমান্ত অঞ্চলত বৃদ্ধি পোৱা নগাৰ দপদপনি ৰোধ কৰিবলৈ বিশেষ ভাৱে সক্ষম হৈছে অসম আৰক্ষী ৷ ইতিমধ্যেই দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত অস্থায়ী শিবিৰ পাতিছে অসম আৰক্ষীয়ে ৷

assam-police-to-crack-down-nagas-land-encroachments
নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

By

Published : Jun 29, 2021, 10:08 PM IST

যোৰহাট,29 জুন: ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে নগা বেদখলকাৰী কৱলত থকা অসমৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ ভূমি উদ্ধাৰ কৰিবৰ বাবে সষ্টম হৈ পৰিছে অসম আৰক্ষী ৷ সোমবাৰৰ মাজ নিশাৰে পৰা অসম আৰক্ষীৰ এটা বৃহৎ দল দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ উক্ত স্থানত উপস্থিত হৈ নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷ উক্ত স্থানত অসম আৰক্ষীয়ে বাংকাৰ নিৰ্মাণ কৰাৰ উপৰিও অস্থায়ী শিবিৰ নিৰ্মাণ কৰি উলিয়াইছে ৷ এই শিবিৰৰ চৌদিশে অসম আৰক্ষীৰ জোৱানসকলে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

উল্লেখ্য যে, বিগত সময়ছোৱাত অসম নাগালেণ্ড সীমান্ত অঞ্চলত উপস্থিত হৈ অসমৰ ভুমিত নগাৰ দপদপনিৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰিছিল মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে নগা বেদখলকাৰীৰ কৱলৰ পৰা অসমৰ ভূমি উদ্ধাৰ কৰিবলৈ অসম চৰকাৰক কাতৰ আহ্বান জনাইছিল প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ কিন্তু বিষয়টোৰ সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাছিল ৰাজ্য চৰকাৰে ৷

নগাৰ বেদখলৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী

পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনা বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতে জিলা উপায়ুক্ত সহ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত উপস্থিত হৈ নগাৰ বেদখলৰ স্থান পৰিদৰ্শন কৰিছিল আৰক্ষী সঞ্চালক প্ৰধান(বিশেষ) জিপি সিঙে ৷ লগতে নাগালেণ্ডৰ মুককচুং জিলাৰ উপায়ুক্ত সৈতে আলোচনাত মিলিত হৈ সমস্যাৰ সমাধানৰ চেষ্টা কৰিছিল যোৰহাটৰ জিলা উপায়ুক্তই ৷ কিন্তু ইমানৰ পাছতো দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত পুনৰ ঘৰ নিৰ্মাণ আৰু পথ নিৰ্মাণ কৰি গৈছিল নগা বেদখলকাৰীয়ে ৷

এই ঘটনাও বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত অৱশেষত সীমান্ত দণ্ডাধীশ বিশ্বজিৎ বৰাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা বৃহৎ দলে বেদখলকাৰীৰ অঞ্চলত এক শিবিৰ নিৰ্মাণ কৰিছে ৷ ইয়াৰ পিছতে উক্ত স্থানত নাগালেণ্ডৰ শীৰ্ষ বিষয়া উপস্থিত হয় ৷ পলমকৈ হলেও অসম আৰক্ষীৰ এই পদক্ষেপৰ বাবে নগা বেদখলকাৰী পিছুৱাই যোৱোটো প্ৰায় নিশ্চিত হৈ পৰিছে ৷ বৰ্তমান অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী তথা দণ্ডাধীশৰ এটা দলে বিষয়টো সম্পূৰ্ণ তদাৰক কৰি আছে ৷

লগতে পঢ়কঃসভাপতি হিচাপে অন্তিমখন কাৰ্যনিৰ্বাহক সভাত অংশ ৰণজিৎ কুমাৰ দাসে

ABOUT THE AUTHOR

...view details