দুৰ্নীতি নিবাৰক শাখাৰ জালতআৰক্ষী উপ পৰিদৰ্শক প্ৰণৱ নাথ যোৰহাট, 30 জুলাই : "সৰিয়হৰ ডুলিতে ভূত"- এই আপ্ত বাক্যশাৰী যেন সঁচা প্ৰমাণিত হ’ল যোৰহাটত । বিগত কিছুদিন ধৰি বিভিন্ন কাৰণত চৰ্চাত থকা যোৰহাট আৰক্ষী পুনৰ এবাৰ চৰ্চালৈ আহিছে ৷ ৰাইজৰ ৰক্ষাৰ দায়িত্ব লৈ আৰক্ষীত যোগদান কৰা যোৰহাটৰ এজন নগৰ উপ পৰিদৰ্শক উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰি হাত দাঙিব লগীয়া হোৱা ঘটনা সংঘটিত হৈছে ৷
যোৰহাট সদৰ থানাৰ মূল গেটৰ সন্মুখত উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে লোটো ধৰা পৰা যোৰহাট সদৰ থানাৰ নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথ। ২০ হাজাৰ টকাৰ উৎকোচ লৈ মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথ।
জানিব পৰা মতে, কিছুদিন পূৰ্বে যোৰহাটত এক বিশেষ ঘটনাৰ দায়িত্বত আছিল নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথ। কিন্তু উক্ত গোচৰ মীমাংসা কৰি দিয়াৰ বাবদ ২০ হাজাৰ টকাৰ উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈছিল উপ পৰিদৰ্শকগৰাকীৰ বিৰুদ্ধে। ইয়াৰ পিচতে দেওবাৰে পুৱা দাবী কৰা ধন যোৰহাট সদৰ থানাৰ গেটৰ সন্মুখত লওঁতেই প্ৰণৱ নাথক দুৰ্নীতি নিবাৰক শাখাই হাতে লোতে ধৰা পেলাই।
উল্লেখযোগ্য যে, উপ পৰিদৰ্শক প্ৰণৱ জ্যোতি নাথৰ বিৰুদ্ধে পূৰ্বতেও গোচৰ নিস্পত্তিৰ নামত উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে। আজি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰাৰ পাছত দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই সন্ধিয়া পৰ্যন্ত প্ৰণৱ নাথক যোৰহাট সদৰ আৰক্ষী থানাৰ আছুতীয়া কক্ষত উপর্যুপৰি জেৰা চলায় ৷ জেৰাৰ অন্তত নগৰ উপ পৰিদৰ্শক প্ৰণৱ নাথক গুৱাহাটীৰ দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়।
লগতে পঢ়ক:SI arrested for taking bribe: 20 হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল উপ পৰিদৰ্শক প্ৰণৱ নাথ