যোৰহাট, 6 এপ্ৰিল: বৃহস্পতিবাৰে দেৰগাঁৱস্থিত লাচিত বৰফুকন আৰক্ষী একাডেমিৰ (Lachit Barphukan Police Academy) পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হয় এক বিশাল দীক্ষান্ত সমাৰোহ ৷ এই দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰে মুঠ 1715 গৰাকী নৱনিযুক্ত আৰক্ষী কনিষ্ঠবলে । 9 মাহৰ কঠিন প্ৰশিক্ষণৰ অন্তত বৃহস্পতিবাৰৰ এই 178 সংখ্যক দীক্ষান্ত সমাৰোহৰ পাচৰে পৰা প্ৰতিগৰাকী নৱনিযুক্ত আৰক্ষী জোৱান এগৰাকী সম্পূৰ্ণ আৰক্ষী হিচাবে পৰিগণিত হ’ল (Assam police 178th passing out parade) ৷
এই দীক্ষান্ত সমাৰোহত বিশেষভাৱে অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) ৷ লগতে উপস্থিত থাকে মন্ত্ৰী অজন্তা নেওগ, কেশৱ মহন্ত, বিধায়ক বিশ্বজিৎ ফুকন আৰু বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ৷ ইয়াৰ উপৰিও উপস্থিত থাকে অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ ৷
আনহাতে নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালবৰ্গৰ উপস্থিতিয়ে এই দীক্ষান্ত সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয় ৷ দীক্ষান্ত সমাৰোহত উপস্থিত থাকি উপস্থিত থকা আৰক্ষী জোৱানসকলক জনসাধাৰণৰ নিৰাপত্তা , গণতন্ত্ৰ ৰক্ষা আৰু শান্তিৰ অসমৰ হকে কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷