অসম

assam

ETV Bharat / state

অসম ভূমিত নামফলক আঁৰি পুনৰ আগ্ৰাসনৰ চেষ্টা নাগাৰ - ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চল

অসমৰ সংৰক্ষিত বনাঞ্চলত নগা ছাত্ৰ সংগঠনে নিজৰ অধিকাৰ সাব্যস্ত কৰি আঁৰি থৈ গ’ল নামফলক ৷ মৰিয়নী আঞ্চলিক খণ্ড বন বিষয়া নৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে নাম ফলক খন জব্দ কৰে ৷ নগাৰ এনে আগ্ৰাসনত এতিয়া অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Assam Nagaland border conflict
অসম ভূমিত নামফলক আঁৰি পুনৰ আগ্ৰাসনৰ চেষ্টা নগাৰ

By

Published : Feb 12, 2020, 2:48 PM IST

মৰিয়নী, 12 ফেব্ৰুৱাৰীঃ পুনৰ নগাৰ আগ্ৰাসন অসম ভূমিত ৷ অসমৰ সংৰক্ষিত বনাঞ্চলত নিজৰ অধিকাৰ সাব্যস্ত কৰি লগালে নামফলক । অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নিত পুনৰ নগাৰ আগ্ৰাসনৰ ঘটনা । অসমৰ সংৰক্ষিত বনাঞ্চলত নগা ছাত্ৰ সংগঠনে নিজৰ অধিকাৰ সাব্যস্ত কৰি আঁৰি থৈ গ’ল নামফলক ৷

অসম ভূমিত নামফলক আঁৰি পুনৰ আগ্ৰাসনৰ চেষ্টা নগাৰ

অসম-নাগালেণ্ড সীমান্তৰ মৰিয়নি নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু নিউ সোণোৱাল BOPৰ নিচেই সমীপত থকা ডিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত আও ষ্টুডেন্ট কনফাৰেন্স নামৰ এটা নগা ছাত্ৰ সংগঠনে আওকুম ৰিজাৰ্ভ ফৰেষ্ট নামেৰে নামকৰণ কৰি এক নামফলক আঁৰি থৈ যোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মৰিয়নী আঞ্চলিক খণ্ড বন বিষয়া নৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে নাম ফলক খন জব্দ কৰে ৷ নগাৰ এনে আগ্ৰাসনত এতিয়া অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ।

আৰু পঢ়কঃজাগুনত অপহৃত যুৱকঃআলফাৰ দ্বাৰা অপহৰণৰ সন্দেহ

ABOUT THE AUTHOR

...view details