অসম

assam

ETV Bharat / state

উত্তপ্ত সীমান্ত : নগাই ভাবুকি দি বন্ধ কৰালে অসমৰ মাটিত শ্মশান নিৰ্মাণৰ কাম - উত্তপ্ত মৰিয়নিৰ সীমান্ত

অসমৰ মাটিত ৰাজহুৱা শ্মশান নিৰ্মাণত বাধা নগাৰ । অসম-নাগালেণ্ড সীমান্তত নিৰ্মাণ কৰা শ্মশান ভয়-ভাবুকিৰে বন্ধ কৰালে নগাই (Border conflict at Mariani)।

Border conflict at Mariani
নগাই ভাবুকিৰে বন্ধ কৰালে অসমৰ মাটিত শ্মশান নিৰ্মাণৰ কাম

By

Published : Jul 5, 2022, 10:19 PM IST

যোৰহাট, 5 জুলাই: পুনৰ উত্তপ্ত মৰিয়নিৰ সীমান্ত (Assam Nagaland ‍border dispute)। অসমৰ মাটিত ৰাজহুৱা শ্মশান নিৰ্মাণত বাধা নগাৰ । মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ মগ্ৰৈ গাঁৱত অসমৰ চৰকাৰৰ পুঁজিৰে পঞ্চায়তে নিৰ্মাণ কৰা শ্মশান ভয়-ভাবুকিৰে বন্ধ কৰিলে নগাই (Border conflict at Mariani)।

নগাই ভাবুকিৰে বন্ধ কৰালে অসমৰ মাটিত শ্মশান নিৰ্মাণৰ কাম

উল্লেখ্য যে, মগ্ৰৈ গাঁৱত অসমৰ মাটিত স্থানীয় পঞ্চায়তৰ অধীনত নিৰ্মাণ কৰি থকা হৈছে এখন ৰাজহুৱা শ্মশান । কিন্তু মঙলবাৰে হঠাৎ মগ্ৰৈ গাঁৱত উপস্থিত হ’ল নাগালেণ্ডৰ চেয়াৰমেন, বস্তিৰ গাঁওবুঢ়া আৰু এগৰাকী নাগালেণ্ড চৰকাৰৰ মহিলা দণ্ডাধীশ । মগ্ৰৈ গাঁৱত উপস্থিত হৈয়েই নগা দলটোৱে শ্মশান নিৰ্মাণত বাধা প্ৰদান কৰে ।

এই খবৰ লাভ কৰি মগ্ৰৈ গাঁৱৰ শতাধিক পুৰুষ মহিলা ওলাই আহি নগা দলটোক ঘেৰাও কৰাত নগা দলটোৱে মগ্ৰৈ গাঁৱৰপৰা ছত্ৰভংগ দিবলৈ বাধ্য হয় । উল্লেখ্য যে পূৰ্বেও অসমৰ মাটিত নগাই বিঅ’পি নিমাৰ্ণত বাধা দিছিল ।

লগতে পঢ়ক:আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ বলি হ’ল কীৰ্তিকমল বৰা

ABOUT THE AUTHOR

...view details