যোৰহাট, ২৪ জুলাইঃ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামা দখল কৰা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দেখুৱালে মানৱতাৰ চুড়ান্ত নিৰ্দশন । মানৱ জাতিৰ বাবে দান কৰিব নিজৰ দেহৰ লগতে চকু ।
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দান কৰিলে চকু আৰু দেহ
আজি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৪২তম ওপজা দিন । এই ওপজা দিনতে ল'লে এক চুড়ান্ত সিদ্ধান্ত। মানৱ জাতিৰ বাবে দান কৰিব চকুযুৰি। যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা সংবাদ মেলত ঘোষণা বিধায়ক গৰাকীৰ।
বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দান কৰিলে চকু
আনহাতে বিধায়ক গৰাকীয়ে ৰাজ্য চৰকাৰলৈ নিজৰ দৰমহাৰ পৰা এক লাখ টকা মুখ্যমন্ত্ৰীৰ হাতত অহা ২৬ তাৰিখে আগবঢ়াব বুলি মন্তব্য কৰে । এই ধন ৰোগীৰ বাবে এখন এয়াৰ এম্বুলেন্স ক্ৰয় কৰিবলৈ আহ্বান বিধায়ক গৰাকীৰ ।