অসম

assam

ETV Bharat / state

সাঁচি গছ চোৰ কৰিবলৈ গৈ আটক চোৰ - যোৰহাট জিলাৰ টীয়ক

ৰাইজে ধৰি বান্ধি চমজালে আৰক্ষীক

টীয়কত আটক সাচী চোৰ

By

Published : Mar 2, 2019, 12:00 PM IST

Updated : Mar 2, 2019, 12:16 PM IST

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ কাকতি গাঁৱৰ মৃনাল শইকীয়া নামৰ এজন লোকৰ বাৰীৰ পৰা শুকুৰবাৰে নিশা এটা চোৰৰ দলে সাঁচি গছ কাটি নি থকা অৱস্থাত স্থানীয় কেইজনমান যুৱকে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে।

টীয়কত আটক সাচী চোৰ

জানিব পৰা মতে বহু দিনৰে পৰা উক্ত অঞ্চলটোত চোৰে উপদ্ৰৱ চলাই আহিছিল,সেয়ে শুকুৰবাৰে নিশা এক গোপন সুত্ৰৰ পম খেদি গাঁৱৰ ৰাইজে চোৰৰ দলটোৰ এজন সদস্য বাবু শইকীয়াক আটক কৰিবলৈ সক্ষম হয় যদিও দলটিৰ অন্যতম নায়ক জগদুৱাৰ নতুন গাঁৱৰ দেৱজিৎ বৰুৱা ওৰফে ক'লাগুটি উক্ত স্থানৰ পৰা পলায়ন কৰে। আৰক্ষীৰ তদন্তৰ পিচতহে অন্য তথ্য জানিবলৈ পৰা যাব।

Last Updated : Mar 2, 2019, 12:16 PM IST

ABOUT THE AUTHOR

...view details