অসম

assam

ETV Bharat / state

টীয়কৰ কাকজান মহাবিদ্যালয়ত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ - টীয়কৰ কাকজান মহাবিদ্যালয়

পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুস্হান কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা এক মত বিনিময় অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

টীয়কৰ কাকজান মহাবিদ্যালয়ত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

By

Published : Mar 18, 2019, 11:20 PM IST

18 মাৰ্চ, যোৰহাটঃ অসমৰ অতিকৈ জনপ্ৰিয় তথা ভ্ৰাম্যমাণ মঞ্চত দপদপাই থকা যোৰহাটৰ জীয়ৰী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক নিচেই কাষত পাই সোমবাৰে একপি ফটো তোলাত ব্যস্ত হৈ পৰিলে কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী৷ পূব যোৰহাটৰ অন্যতম অগ্ৰণী শিক্ষানুস্হান কাকজান মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা এক মত বিনিময় অনুষ্ঠানত অতিথি হিচাবে উপস্থিত থাকে অভিনেত্ৰীগৰাকী।

টীয়কৰ কাকজান মহাবিদ্যালয়ত জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী তথা কাকজান অঞ্চলৰ কেইবাটাও শিক্ষানুস্থানৰ ছাত্ৰ ছাত্ৰীৰ লগত বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে মত বিনিময় কৰে। বন্তি প্ৰজ্বলনেৰে মহাবিদ্যালয়ৰ অধ্যক্ষাই উদ্বোধন কৰা এই অনুষ্ঠানত উপস্থিত ৰাইজৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি জীৱনৰ অভিজ্ঞতাৰ কথা অৱগত কৰে৷

ABOUT THE AUTHOR

...view details