অসম

assam

Assam Jatiya Vidyalaya State Samaroh: বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ

By

Published : May 7, 2023, 10:35 PM IST

যোৰহাটত অনুষ্ঠিত হৈ থকা অসম জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ ৰ সফল সামৰণি পৰে (Assam Jatiya Vidyalaya State Samaroh in Jorhat)।

Assam Jatiya Vidyalaya State Samaroh concluded in jorhat
বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অন্ত পৰিল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ

বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অন্ত পৰিল জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ

যোৰহাট, 7 মে’: নিজম পৰিল চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ (Assam Jatiya Vidyalaya State Samaroh 2023) ৷ দেওবাৰে যোৰহাটত অনুষ্ঠিত হৈ থকা অসম জাতীয় বিদ্যালয় ৰাজ্যিক সমাৰোহ ২০২৩ ৰ সফল সামৰণি পৰে (Assam Jatiya Vidyalaya State Samaroh in Jorhat)। সমাৰোহৰ অন্তিম দিনা বিয়লি অনুষ্ঠিত হয় সামৰণি অনুষ্ঠানৰ মুকলি সভা । জাতীয় বিদ্যালয় শিক্ষা সংসদৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ দত্ত চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্তমন্ত্রী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ (Minister Ajanta Neog in Jorhat)।

মুখ্য অতিথিৰ ভাষণত মন্ত্রী অজন্তা নেওগে কয় যে, সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হৈছে । এটা সময়ত ই শৈক্ষিক বিপ্লৱলৈ ৰূপান্তৰিত হ’ল । জাতীয় বিদ্যালয় সমাজক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ পৰিল । চৰকাৰী বহু বিদ্যালয় আছে ৰাজ্যত । এই চৰকাৰী বিদ্যালয় সমূহৰ উন্নয়নৰ বাবে চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে । চৰকাৰী বিদ্যালয় আৰু জাতীয় বিদ্যালয়সমূহ এক লগ হৈ আগুৱাই গ’লে সকলোৰে বাবে সুবিধাজনক হ’ব । লগতে ছাত্ৰ ছাত্ৰী, সমাজ উপকৃত হ’ব ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আমি সকলোৱে ভৱিষ্যত প্ৰজন্মক লগত লৈ আগুৱাই যাব লাগিব । সমাজক আগুৱাই নিবলৈ মূল হৈছে আমাৰ ভেটি, এই ভেটিৰ অবিহনে সমাজ আগুৱাই যাব নোৱাৰে । আমি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়িবলৈ হ’লে মাতৃভাষাৰ লগতে ইংৰাজী ভাষাকো গুৰুত্ব দিব লাগিব । শিক্ষা হৈছে মানৱ জীৱনৰ অপৰিহাৰ্য অংগ । আকাশ চুবৰ মন যোৱা ছাত্ৰ ছাত্ৰী আমি সৃষ্টি কৰিব লাগিব ।

ভাষণ প্ৰসংগত মন্ত্রী অজন্তা নেওগে কয় যে, শিক্ষা সদায় সমাজ কেন্দ্রীক হ’ব লাগিব, শিক্ষা ব্যক্তি কেন্দ্রীক হ’ব নালাগিব । আমি ছাত্ৰ ছাত্রীক এনে শিক্ষা প্ৰদান কৰিব লাগিব যি শিক্ষাই ছাত্ৰ-ছাত্রীক পিতৃ মাতৃ, সমাজক ভাল পাবলৈ শিকাই । লগতে গুৰুত্ব দিব লাগিব গুণগত মানদণ্ডৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত ।

এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকা । বিশিষ্ট অতিথিৰ ভাষণত ড৹ ডেকাই কয় যে, অসম জাতীয় বিদ্যালয়ৰ যি প্ৰসাৰ সমাজত লাভ কৰিবলৈ সক্ষম হৈছে ই আমাৰ সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ । ইয়াৰ জৰিয়তে মাতৃভাষা শিক্ষাৰ এক বিপ্লৱ আৰম্ভ হৈছে । মাতৃভাষাৰ শিক্ষা জীৱনত আগবাঢ়ি যাবলৈ অতিকে প্ৰয়োজন । অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ সময়ত যি সপোন দেখা হৈছিল, সি এতিয়া প্ৰযোজ্য হৈছে । বৰ্তমান সময়ত কৌশলগত শিক্ষাৰ প্ৰয়োজন আহি পৰিছে । কিয়নো যিমান ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰি উত্তীৰ্ণ হৈছে তাৰে ৮/৯% ছাত্ৰ ছাত্ৰীয়েহে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হয় । গতিকে বাকী সকলৰ বাবেও আমি বিকল্প চিন্তা কৰিব লাগিব । নতুন শিক্ষানীতিয়ে এই ক্ষেত্ৰত গুৰুত্ব দিছে । আমি অসম কৃষি বিশ্ববিদ্যালয়ে সেইবাবে অসম জাতীয় বিদ্যালয়ক আহ্বান জনাব বিচাৰো যে, যিমান সমূহ জাতীয় বিদ্যালয় ৰাজ্যত আছে সেই সমমূহত যদি ভূমি আছে, তাত এক থলুৱা ফলমূল, শাক পাচলিৰ বাগিচা সৃষ্টি কৰো ।

এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে পৰ্যাপ্ত পৰিমানে সহায় কৰিব । এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম জাতীয় বিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি হোৱা উচিত । আজিৰ সভাত সমাৰোহৰ স্মৃতি গ্ৰন্থ "শিপা" উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

স্মৃতিগ্ৰন্থ উন্মোচন কৰি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই কয়, ‘‘আমাৰ সমাজত বহু বিদ্যালয় আছে । বহু চিন্তা আছে । আৰু বহুতেই জাতি মাটি ভেটিৰ কথা কৈ থাকে । কিন্তু সেইসকলে জাতি, মাটি, ভেটিৰ স্বাৰ্থত কাম কৰিব পৰিছেনে সি এটা ডাঙৰ প্ৰশ্ন । কিন্তু জাতীয় বিদ্যালয়ে ইয়াক ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে । ১৯৯৪ চনত জাতীয় বিদ্যালয়ে যি সংকল্প লৈছিল সি আজি পূৰণ হৈছে । এই জাতীয় বিদ্যালয়ৰ লগত বৰ্তমান সময়ত প্ৰায় ৬ লক্ষ ছাত্ৰ ছাত্রী আৰু ৫০ হাজাৰ শিক্ষক জড়িত হৈ আছে । শিক্ষকসকল আজিৰ যুগত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক হ’ব লাগিব । বহুতে বৰ্তমান সময়ত বিদ্যালয়ক ব্যৱসায় হিচাপে লৈছে, কিন্তু জাতীয় বিদ্যালয়ে জাতিৰ কথা চিন্তা কৰি আগবাঢ়িছে ।

মুকলি সভাত উপস্থিত থাকি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সভাপতি ডাঃ নাৰায়ণ শৰ্মাই কয় যে, ১৯৯৪ চনৰ ১ জানুৱাৰীত ৰোপণ কৰা অসম জাতীয় বিদ্যালয়ৰ বীজ অংকুৰিত হৈ সম্প্ৰতি এক পূৰ্ণ প্ৰস্ফুটিত বৃক্ষলৈ ৰূপান্তৰিত হৈছে । ৰাজ্যজুৰি অসম জাতীয় বিদ্যালয়ৰ নীতি আদৰ্শৰ জৰিয়তে যোৱা প্রায় তিনিটা দশকত হেজাৰৰ হিচাপত জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হ’ল । এই সকলোবোৰ বিদ্যালয় প্ৰতিষ্ঠিত আৰু পৰিচালিত হৈ আছে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে । কোনোখন জাতীয় বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ শাখা নহয় । জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ মূল নীতি বা আত্মা স্বৰূপ অন্যতম দুটা মূল কথা হৈছে, মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু আনন্দদায়ক প্ৰাক বিদ্যালয় শিক্ষা । এই দুয়োটা নীতিকেই দেশজুৰি কাৰ্যকৰীকৰণৰ বাবে ২০২০ চনত ৰাষ্ট্ৰীয় শিক্ষানীতি য়ে সজোৰে, যুক্তিনিষ্ঠভাৱে আৰু অতি গুৰুত্ব সহকাৰে পৰামৰ্শ আগবঢ়াইছে ।

শৰ্মাই লগতে কয় যে, যি নীতি আদৰ্শ, বিশ্বাস আৰু প্ৰত্যয়েৰে জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বীজ ৰোপণ হৈছিল, সেইয়া যে সম্পূৰ্ণ বিজ্ঞান সন্মত, শিক্ষা তত্বৰ ফালৰ পৰা সম্পূৰ্ণ শুদ্ধ, সৃষ্টিশীল এক নতুন প্ৰজন্ম গঢ়ি প্ৰকৃত শিক্ষা, ভাষা, সাহিত্য, ইতিহাস, সংস্কৃতিৰ সমৃদ্ধিৰে জাতি আৰু দেশ নিৰ্মাণৰ বাবে অপৰিহাৰ্য সেই কথা ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীয়ে দ্বিধাহীনভাৱে প্ৰতিপন্ন কৰিছে ।

জাতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাৰ বাবে ই এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি বুলি আমি নিশ্চয় বিনম্ৰ ভাবে বিবেচনা কৰিব পাৰো । মাতৃভাষা মাধ্যমত শিক্ষাদান কৰিও বৰ্তমানৰ প্ৰতিযোগিতা মূলক আধুনিক পৃথিৱীখনত ইংৰাজী ভাষাৰ গুৰুত্ব আৰু অপৰিহাৰ্যতাৰ কথা আমি জাতীয় বিদ্যালয়ৰ জন্মলগ্নৰ পৰাই এক অন্যতম নীতি হিচাপে গ্ৰহণ কৰি আহিছো ।

আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত বৰাই আদৰণি ভাষণ প্ৰৰোদান কৰা মুকুলি সভাত কেইবা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক, শিক্ষক শিক্ষয়িত্ৰী তথা বহু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

আনহাতে, আজি পুৱা সমাৰোহৰ অন্তিম দিনা বাহিৰ কৰা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা । এই শোভাযাত্ৰা চ্যুকাফা ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ প্ৰায় তিনি কিলোমিটাৰ পথ প্ৰদর্শন কৰি পুনৰ আৰম্ভণি স্থানত সামৰণি পৰে । এই শোভাযাত্ৰাত প্ৰদৰ্শন কৰা হয় অসমৰ বাৰে ৰহনীয়া কৃষ্টি-সংস্কৃতিৰ ।

লগতে পঢ়ক:Doctor couple’s child abuse case: জেৰাৰ সন্মুখীন ডাঃ সংগীতা; আৰক্ষীক বিভ্ৰান্ত কৰাৰ চেষ্টা মনোৰোগ বিশেষজ্ঞাৰ

ABOUT THE AUTHOR

...view details