যোৰহাট, 1 মেঃওড়িশ্যা, অন্ধ্ৰ প্ৰদেশৰ লগতে বংগোপসাগৰ উপকূলীয় অঞ্চলসমূহত বিশেষ প্ৰভাৱ পৰিছে সাগৰীয় ধুমুহা ফেনীৰ ৷ ফেনীৰ ফলত সৃষ্টি হোৱা নিম্মচাপে অসমতো প্ৰভাৱ পেলাইছে ৷
নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন - স্তব্ধ জনজীৱন
বিগত কিছুদিন ধৰি ৰাজ্যত অব্যাহত আছে ধাৰাষাৰ বৰষুণ ৷ সাগৰীয় ধুমুহা ফেনীৰ প্ৰভাৱত সৃষ্টি হোৱা নিম্মচাপৰ ফলতেই বৰষুণে স্তব্ধ কৰিছে সাধাৰণ জীৱন ৷
নেৰানেপেৰা বৰষুণত স্তব্ধ জনজীৱন
আৰু পঢ়কঃবোকাৰ মাজত শ্ৰেণীকোঠা , পিতনিৰ মাজত বিদ্যালয়
ৰাজ্যত বিগত পাঁচদিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ সাগৰীয় ধুমুহা ফেনীৰ ফলত সৃষ্টি হোৱা নিম্মচাপৰ বাবেই ৰাজ্যত অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ বিগত পাঁচদিন ধৰি হোৱা বৰষুণে প্ৰভাৱ পেলাইছে যোৰহাটৰ সাধাৰণ জীৱনত ৷ ওৰে নিশা ধৰি হোৱা বৰষুণৰ প্ৰভাৱ ৰাতিপুৱালৈ কিছু কমিছিল যদিও বৰ্তমানে পুনৰ অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ মে দিৱসৰ লগতে নেৰানেপেৰা বৰষুণে এতিয়া সম্পূৰ্ণ স্তব্ধ কৰি তুলিছে চহৰখনৰ জন-জীৱন ৷