যোৰহাট, ১০ ডিচেম্বৰ :১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ'ব অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক (Assam govt cabinet meeting in Jorhat) । যাৰ বাবে এতিয়া সৰ্বাংগসুন্দৰ ৰূপত সজাই তোলা হৈছে যোৰহাট নগৰক । ভগ্ন পথ পুনৰ নিৰ্মাণৰ লগতে ৰং-তুলিকাৰে সজাই তোলা হৈছে দেৱাল আৰু পকীবেৰসমূহ । কেবিনেটৰ সুবাদতে যেন কদৰ্যময় যোৰহাট এতিয়া সুন্দৰ হৈ পৰিছে (Jorhat town renovated foe cabinet meeting) ।
উল্লেখ্য, অহা ১৫ ডিচেম্বৰত যোৰহাট জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কেবিনেট বৈঠক (Himanta Biswa Sarma govt cabinet meeting) । উক্ত বৈঠকৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলাখনৰ যিসমূহ অৰ্ধনিমিত তথা বিধ্বস্ত পথ আছে সেইসমূহ পুনৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বিভাগীয় কৰ্তৃপক্ষ । কোনো ত্ৰুটি নৰখাকৈ সৰ্বাঙ্গসুন্দৰ ৰূপত সজাই-পৰাই তোলা হৈছে যোৰহাট নগৰখন (Assam govt cabinet meeting) ।
ইয়াৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে বিভিন্ন বিভাগসমূহ । লগতে ঘনে ঘনে বৈঠকত মিলিত হৈছে জিলা প্ৰশাসন । ইয়াৰ উপৰি লেতেৰা দেৱাল আৰু পকীবেৰত ৰং-তুলিকাৰে সজাই জাকত-জিলিকা কৰি তোলা হৈছে । মুঠৰ ওপৰত যোৰহাটৰ ৰাইজে কোনো দিনে নেদেখা এখন প্ৰতিচ্ছবি দেখিবলৈ পাইছে এইকেইটা দুনত । যাৰ বাবে সকলোৱে ক'বলৈ বাধ্য হৈছে, বছৰেকত তিনিবাৰকৈ হ'লেও জিলাখনত অনুষ্ঠিত হওক কেবিনেট বৈঠক ।