যোৰহাট,22 জুলাইঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে সমগ্ৰ ৰাজ্য খনৰ বিভিন্ন জিলাত সংহাৰী ৰূপ ধাৰণ কৰি বহু জন-জীৱন, পশুধনৰ অনিষ্ট সাধন কৰাৰ সময়তে এক ভয়ংকৰ ঘটনা সংঘটিত হয় যোৰহাটত। ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীৰ কোবাল সোঁতত তিনি কিল'মিটাৰ পৰ্যন্ত উটি গৈছিল অৰণ্য মানৱ গৰাকী ৷
দুজন আত্মীয়ৰ সৈতে নিজৰ মুলাই কাঠনিৰ অৰণ্য খনলৈ নাৱেৰে গৈ থকা অৱস্থাত হঠাতে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়ে তিনিওজনকে । প্ৰায় তিনি কিল'মিটাৰ পৰ্যন্ত নদীৰ পানীত উটি যায় তিনিও । হঠাতে হুৱা-দুৱা লগাত কথাটো জানিব পাৰি পৰিয়ালৰ এজন যুৱকে মেচিন নাৱৰে গৈ উদ্ধাৰ কৰে যাদৱ পায়েঙৰ লগতে আন দুগৰাকী লোকক ।