অসম

assam

ETV Bharat / state

অসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি

শনিবাৰে পুৱা 10.50 বজাত মূদৈজানস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদে ৷ 1939 চনত জন্মগ্ৰহণ কৰা কেৰিমতদ্দিন আহমেদে মৃত্যুৰ সময়ত দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায় ৷

Assam first cyclist Kerimataddin Ahmed's death
অসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি

By

Published : Jan 18, 2020, 4:47 PM IST

টীয়ক,18 জানুৱাৰীঃঅসমৰ প্ৰথমগৰাকী চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি ৷ শনিবাৰে পুৱা 10.50 বজাত মূদৈজানস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে চাইকেলিষ্ট গৰাকীয়ে ৷ 1939 চনত জন্মগ্ৰহণ কৰা কেৰিমতদ্দিন আহমেদে মৃত্যুৰ সময়ত দুজন পুত্ৰ আৰু এগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায় ৷

চাইকেলিষ্ট কেৰিমতদ্দিন আহমেদৰ পৰলোক প্ৰাপ্তি

উল্লেখ্য যে,পোন প্ৰথমবাৰৰ বাবে কেৰিমতদ্দিন আহমেদে 1962 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ টীয়ক হাইস্কুল খেলপথাৰত একেৰাহে 75 ঘন্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত তেখেতে 1963 চনৰ 4 মাৰ্চৰ পৰা 7 মাৰ্চলৈ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত একেৰাহে 80 কিল’মিটাৰ আৰু লখিমপুৰত 1966 চনৰ 27 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে একেৰাহে 111 ঘন্টা চাইকেল চলাই অভিলেখ সৃষ্টি কৰিছিল ৷

প্ৰতিভাৱান খেলুৱৈগৰাকী কেৱল চাইক্লিঙতেই নহয় বিভিন্ন ধৰণৰ সামাজিক কামকাজৰ লগতো জড়িত আছিল ৷ বৰ্ষীয়ান খেলুৱৈগৰাকীৰ মৃত্যত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে ৷

লগতে পঢ়ক-২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

ABOUT THE AUTHOR

...view details