অসম

assam

ETV Bharat / state

লক ডাউনঃ বিপদত ৰাজ্যৰ কৃষক সমাজ... - ৰাজ্যত কৃষকৰ দুৰৱস্থাট

উপযুক্ত খাদ্যৰ অভাৱত ফাৰ্মতে মৃত্যু হৈছে দেশী-বিদেশী কুকুৰা, হাঁহৰ ৷ কৃষকসকলে পৰিশ্ৰমেৰে পথাৰত কৰা শস্যসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত স্থানৰ অভাৱত পথাৰতে পাচলিসমূহ নষ্ট হ’বলৈ ধৰিছে ৷

বিপদত ৰাজ্যৰ কৃষক সমাজ...
বিপদত ৰাজ্যৰ কৃষক সমাজ...

By

Published : Apr 5, 2020, 11:48 AM IST

যোৰহাট, 5 এপ্ৰিল :এফালে দেশত লক ডাউন আনফালে পানীত হাঁহ নচৰা অৱস্থা ৰাজ্যৰ খেতিয়কৰ । বিগত 11 দিন ধৰি চলি থকা লক ডাউনৰ ফলত পথাৰতে পকি গৈছে কেপচিকাম, টিয়হ, বিলাহী, কবি আদি বিধে বিধে পাচলি। উপযুক্ত খাদ্যৰ অভাৱত ফাৰ্মতে মৃত্যু হৈছে দেশী-বিদেশী কুকুৰা, হাঁহৰ ৷ কৃষকসকলে পৰিশ্ৰমেৰে পথাৰত কৰা শস্যসমূহ বিক্ৰী কৰিবলৈ উপযুক্ত স্থানৰ অভাৱত পথাৰতে পাচলিসমূহ নষ্ট হ’বলৈ ধৰিছে ৷ এইসমূহ সাঁচি ৰখাৰ বাবে কোনো ব্যৱস্থা নথকাৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত আৰ্দশ কৃষকসকল ৷

বিপদত ৰাজ্যৰ কৃষক সমাজ...

উল্লেখ্য় যে, চৰকাৰৰ অনুমোদিত বাহনৰ জৰিয়তে পাচলিসমূহ বিক্ৰী কৰাৰ লগতে ৰাজ্যৰ প্ৰতিজন কৃষকৰ বেংক একাউন্টত এপ্ৰিল মাহৰ প্ৰথমভাগতে ২৫০০ টকা কৈ ভৰাই দিয়া হ'ব বুলি সংবাদ মেলৰ জৰিয়তে মন্ত্ৰী অতুল বৰাই ঘোষণা কৰিছিল যদিও এই সুবিধা বৰ্তমানো বাস্তৱত কাৰ্যকৰী হোৱা নাই ৷ এইক্ষেত্ৰত শীঘ্ৰে কৃষি বিভাগক পদক্ষেপ লৈ কৃষক সকলক সকাহ দিবলৈ ৰাজ্যৰ প্ৰতিজন কৃষকে এতিয়া কাতৰ আহ্বান জনাইছে।

ABOUT THE AUTHOR

...view details