যোৰহাট, ১৩ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু জনজাতিকৰণৰ দাবীত দৈনন্দিন হৈ অহা অসম বন্ধই প্ৰভাৱ পেলাইছে জনজীৱনত। বিভিন্ন দল-সংগঠনে প্ৰদান কৰা বন্ধৰ ফলত স্থবিৰ হৈ ৰৈছে জনসাধাৰণৰ কাম-কাজ।
জনজাতিকৰণৰ দাবীত ১৩ ফেব্ৰুৱাৰীত প্ৰদান কৰা বন্ধৰ ফলত জীয়াতু ভুগিবলগীয়াত পৰিছে যোৰহাটবাসী। কোনো ধৰণৰ সংবাদ মাধ্যমত প্ৰকাশ নকৰাকৈ হঠাত প্ৰদান কৰা বন্ধৰ ফলত বিভিন্ন বিদ্যালয়, কৰ্মস্হলীলৈ ওলাই অহা লোকে ভুগিছে অসুবিধাত। বন্ধ সম্পৰ্কে জ্ঞাত নহয় যোৰহাট আৰক্ষীও। বুধবাৰে ৰাতিপুৱাই একাংশ যুৱকে ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে-ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যান-বাহন চলাচলত বাধা প্ৰদান কৰাতহে আৰক্ষী জ্ঞাত হয় অসম বন্ধ সন্দৰ্ভত। প্ৰতিবাদৰ নামত দল-সংগঠনতে নীতিবহিৰ্ভূত ভাৱে প্ৰদান কৰা বন্ধৰ বাবে ধিক্কাৰ প্ৰদান কৰিছে ভুক্তভোগী যোৰহাটবাসীয়ে।