১১ এপ্ৰিল গুৱাহাটীঃ যোৰহাট জিলাৰ ১৩৪ নং নাওশলীয়া প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিলে বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নবপ্ৰজন্মৰ ভোটাৰ আগবাঢ়ি অহাতো দেশৰ গণতন্ত্ৰিক ব্যৱস্থাৰ বাবে শুভ লক্ষণ বুলি মন্তব্য কৰিলে অধ্যক্ষগৰাকীয়ে ।
ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
সাধাৰণ ভোটাৰৰ লগতে শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ।
ভোটাধিকাৰ সাব্যস্ত কৰিলে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে
বতৰ অনুকূল হোৱাৰ বাবে ভোটাৰৰ পৰিমাণ বৃদ্ধি হ'ব বুলি আশা কৰি যোৰহাট বিধান সভা সমষ্টিত ৮০ পৰা ৮৫ শতাংশ ভোটদান সম্পন্ন হোৱাৰ আশা ব্যক্ত কৰিছে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে।