যোৰহাট, ১ জানুৱাৰী :কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত অনলাইন দূৰ শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন(AAU to start online distance learning program)ৰ লগতে অসমত প্ৰথমবাৰৰ বাবে বন্যজীৱৰ ওপৰত পদ্ধতিগতভাৱে শিক্ষা আৰু গৱেষণা আৰম্ভ কৰাৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে(AAU to start Wildlife Education and Research ) । নৱবৰ্ষৰ প্ৰথম দিনটোতে অসমৰ কৃষি শিক্ষা আৰু গৱেষণাৰ দিশত বৃহৎ পৰিৱৰ্তন সাধন কৰিব পৰা এই অভিলাসী আঁচনিৰ বিষয়ে প্ৰকাশ কৰিছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুত চন্দন ডেকাই নৱবৰ্ষ উপলক্ষে বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে ।
বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত তেওঁ এই বিষয়ে কয় যে, ''অসমত বৰ্তমানলৈকে পদ্ধতিগতভাৱে বন্যজীৱৰ ওপৰত যথোচিত গৱেষণা হোৱা নাই । সেয়ে আমাৰ বিশ্ববিদ্যালয়ে উৎসৰ্গীকৃত মনোভাৱেৰে এই দিশত গৱেষণাৰ বাবে আগবাঢ়িব । তাৰ বাবে আমি নিজাকৈ এটা বন্যজীৱ কেন্দ্ৰ, বন বিভাগ বা এই দিশৰ সংশ্লিষ্ট সকলৰ লগত আলোচনাৰ মাধ্যমেৰে আগবাঢ়িম । ''