অসম

assam

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 1:03 PM IST

ETV Bharat / state

Rapeseed mustard cultivation in Assam: অসমত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ লক্ষ্য অসম কৃষি বিশ্ববিদ্যালয়ৰ

টৰিয়া-সৰিয়হৰ উন্নত জাতৰ খেতিৰে হালধীয়া বিপ্লৱৰ লক্ষ্যৰে আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয় । ৰাজ্যৰ ৬৯০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনে । কৃষিমন্ত্ৰী অতুল বৰাই আজি মুকলি কৰিব ১.১৮ কোটি টকা পুঁজিৰ এই অভিলাষী আঁচনিখন ।

Rapeseed mustard cultivation in Assam
অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাট, ১১ নৱেম্বৰ: অসমৰ ২০খন জিলাৰ ৩০০ বিঘা পথাৰক সামৰি টৰিয়া-সৰিয়হৰ উন্নত জাতৰ খেতিৰে হালধীয়া বিপ্লৱৰ লক্ষ্যৰে আগবাঢ়িছে অসম কৃষি বিশ্ববিদ্যালয় । ৰাজ্যৰ ৬৯০০ বিঘা মাটিত টৰিয়া-সৰিয়হৰ উন্নত জাতৰ প্ৰদৰ্শনীমূলক খেতি কৰাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে বিশ্ববিদ্যালয়খনে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নগাঁও জিলাৰ চিলঙনিস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্র আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত, ৰাজস্থানৰ ভৰতপুৰস্থিত সৰিয়হ গৱেষণা সঞ্চালকালয়ৰ যুটীয়া সহযোগত ১.১৮ কোটি টকা পুঁজিৰ এই অভিলাষী আঁচনিখন শনিবাৰে উদ্বোধন কৰা হ'ব ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাৰ উপস্থিতিত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এই কাৰ্যসূচীৰ মুকলি কৰিব কৃষিমন্ত্ৰী অতুল বৰাই । এই অনুষ্ঠানত ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ ড৹ পি কে ৰায়, অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানী আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকিব ।

এই আঁচনিৰ অধীনত অসমত বিজ্ঞান ভিত্তিক খেতিৰ প্ৰসাৰৰ জৰিয়তে টৰিয়া-সৰিয়হৰ মূল্য শৃংখল উন্নয়নৰ মেগা প্রজেক্টৰ বাবে নগাঁও জিলাৰ আন ৬০০ বিঘা পথাৰত সৰিয়হজাতীয় শস্যৰ গাঁও হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰখাৰ লগতে আন তিনিশজন কৃষকক সৰিয়হৰ একোটা বীজৰ পেকেট আগবঢ়াই, আন তিনিশ বিঘা মাটিতো এই তৈলবীজৰ খেতিৰ জৰিয়তে সৰ্বমুঠ ৬৯০০ বিঘা কৃষিভূমিত টৰিয়া-সৰিয়হৰ খেতিৰে হালধীয়া বিপ্লৱৰ পথ প্ৰশস্ত হৈছে ৷

ইয়াৰ বাবে ২০ কুইন্টল পি এম ২৮ নামৰ সৰিয়হৰ উন্নত বীজ ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়ৰ পৰা সংগ্ৰহ কৰা হৈছে আৰু বাকী ৪৯ কুইন্টল টি এচ ৩৮ নামৰ টৰিয়াৰ উন্নত জাতৰ বীজ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নগাঁও জিলাৰ চিলঙনীস্থিত, মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ পৰা ব্যৱহাৰ কৰা হৈছে । তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত চিলঙনী, তিতাবৰ, তিনিচুকীয়া, বুৰালিক্সন, লখিমপুৰ, কাঁহিকুছি, গোসাইগাঁও, ডিফু, কৰিমগঞ্জ আৰু মন্দিৰাত অৱস্থিত গৱেষণা কেন্দ্ৰ সমূহৰ উপৰিও ধেমাজি, যোৰহাট, বাক্সা, ধুবুৰী, চিৰাং, নলবাৰী, বৰপেটা, দৰং, মৰিগাঁও আৰু শোণিতপুৰত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ সমূহৰ জৰিয়তে সম্পাদন হ'ব লগা এই আঁচনিৰ অন্তর্গত জিলাকেইখনত একোটাকৈ কৃষক প্রশিক্ষণ আৰু পথাৰ দিৱস উদযাপন কৰা হ'ব ৷

তদুপৰি প্ৰতিটো সংলগ্ন অনুষ্ঠানৰ পৰা একোজনকৈ বিজ্ঞানী আৰু কৃষকক বিজ্ঞান ভিত্তিক খেতিৰ বিষয়ে প্ৰশিক্ষণৰ বাবে ৰাজস্থানৰ ভাৰতপুৰস্থিত সৰিয়হৰ গৱেষণা সঞ্চালকালয়লৈ প্ৰেৰণ কৰাৰ লগতে এখন ৰাজ্যিক ভিত্তিত কৃষি মেলা আৰু ক্রেতা-বিক্ৰেতাৰ দুখন সভাৰ লগতে কৃষকৰ বাবে দুখনকৈ সাতদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী ৰূপায়নৰ বাবে লক্ষ্য স্থিৰ কৰা হৈছে ।

লগতে পঢ়ক:Assam Agricultural University:অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে ধানুকা এগ্ৰিটেক লিমিটেডৰ বুজাবুজি চুক্তি

ABOUT THE AUTHOR

...view details