যোৰহাট,8 অক্টোবৰঃ অসম চৰকাৰৰ অধীনস্থ অসম চাহ নিগম চাহ বাগিচা সমূহত এতিয়াও বিভিন্ন সমস্যাৰে জৰ্জৰিত শ্ৰমিক সকল। নিম্ম মজুৰি, বিশুদ্ধ খোৱা পানী, সু-চিকিৎসা দাবীত ঘন্টা যোৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত চিনামৰা চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত বাগিচাৰ সকলো শ্ৰমিক ঐক্য বদ্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ - নিম্ম মজুৰি, বিশুদ্ধ খোৱা পানী
যোৰহাটৰ চিনামৰা চাহবাগিচাৰ কাৰ্যলয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। নাৰ্য্য প্ৰাপ্তিৰ দাবীত চাহশ্ৰমিক সকলে এই প্ৰতিবাদী কাৰ্যসূচী।
চিনামৰা চাহ বাগিচাত আদিবাসী ছাত্র সন্থাৰ উত্তাল প্ৰতিবাদ
উল্লেখযোগ্য যে, ৰাজ্যখনৰ আন আন বাগিচা সমূহত ৰেচন ব্যৱস্থা আছে যদিও অসম চৰকাৰৰ অধীনস্থ বাগিচা সমূহত বৰ্তমানে ও এই সুবিধা প্ৰদান কৰা হোৱা নাই । আনহাতে বিজেপি চৰকাৰে যদি নিৰ্বাচনৰ আগতে বাগিচাৰ শ্ৰমিক সকলৰ সমস্যা সমাধান নকৰে তেনেহলে বাগিচা সমূহত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ হাথৰছ কাণ্ডৰ মৃত যুৱতীলৈ শ্ৰদ্ধাঞ্জলি