অসম

assam

ETV Bharat / state

Asom Sena press meet:অসম চৰকাৰে মাছৰ তেলেৰেই মাছ ভাজিব বিচাৰিছে-অসম সেনা - অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ

ৰাজ্যৰ ঠিকাদাৰসকলক পূৰ্ব আৱণ্টিত কামৰ ২২ হাজাৰ কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে । চৰকাৰৰ নতুন নীতিয়ে অসমীয়া ঠিকাদাৰক মাধমাৰ শোধাব: অসম সেনা ৷

Asom Sena press meet in jorhat
চৰকাৰক তীব্ৰ সমালোচনা

By

Published : Aug 12, 2023, 3:49 PM IST

চৰকাৰক তীব্ৰ সমালোচনা

যোৰহাট, 12 আগষ্ট : ধাৰৰ বোজাত পোত খাই থকা অসম চৰকাৰে নিজৰ ৰাজকোষ চহকী কৰাৰ স্বাৰ্থত ৰাজ্যৰ ঠিকাদাৰ সকলৰ ওপৰত মাধমাৰ শোধোৱাৰ এক কাৰ্য পৰিলক্ষিত হৈছে । ঠিকাদাৰৰ পঞ্জীয়নৰ নতুন নিৰিখ ধাৰ্য্য কৰা হৈছে । এই সন্দৰ্ভত যোৰহাটত 'অসম সেনা'ই এখন সংবাদ মেল অনুষ্ঠিত কৰি নিৰ্দেশনাটোৰ বিৰোধিতাৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷

সংবাদমেলখনত 'অসম সেনা'ৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কয় - ক্লাচ-৩ ৰ আৰু ক্লাচ-২ৰ যি সকল ঠিকাদাৰে য'ত পূৰ্বতে ক্ৰমে ৫০০০ আৰু ১০,০০০ টকাৰে লোকনিৰ্মাণ(পথ) বিভাগত পঞ্জীয়ন কৰিব পাৰিছিল, এতিয়া সেই মূল্য ক্ৰমে ২৫,০০০ আৰু ৫০,০০০ কৰিব বিচাৰিছে ৷ ঠিক একেদৰে প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ নতুন পঞ্জীয়ন নিৰিখ শ্ৰেণী অনুযায়ী ১ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ধাৰ্য্য কৰিছে ৷ অৰ্থাৎ পূৰ্বৰ তুলনাত ৫০০ % পৰ্য্যন্ত হাৰত পঞ্জীয়ন মাছুল বৃদ্ধি কৰিছে ।

অতি আশ্চৰ্য্যৰ বিষয় যে, এই নিৰ্দ্দেশনা অনুযায়ী প্ৰত্যেক তিনিবছৰৰ অন্তত ঠিকাদাৰ সকলে এনে পঞ্জীয়ন মাছুলৰ প্ৰদান কৰাৰ লগতে ১০,০০০ টকাকৈ আবেদন মাছুলো অতিৰিক্তভাৱে পৰিশোধ কৰিব লাগিব ৷ কামৰ আৱন্টন লাভ নকৰা ঠিকাদাৰ সকলৰ বাবে পূৰ্বতে পঞ্জীয়ন মাছুল ঘূৰাই দিয়াৰ এক ব্যৱস্থা আছিল যদিও নতুন নিৰ্দ্দেশনাত বৰ্ধিত নিৰিখৰ পঞ্জীয়ন মাছুল কামৰ আৱন্টন লাভ নকৰিলেও ঘূৰাই দিয়া নহয় বুলি স্পষ্টভাৱে উল্লেখ আছে । চৰকাৰৰ এনে সিদ্ধান্তই ঠিকাদাৰ সকলক মাধমাৰ সোধাইছে । এইয়া কোনো কাৰণতে যুক্তিসংগত নহয় ।

লোকনিৰ্মাণ(পথ) বিভাগটোত সমগ্ৰ অসমতে সৰু-বৰ প্ৰায় লক্ষাধিক অসমীয়া ঠিকাদাৰ নিয়োজিত হৈ স্বাৱলম্বীতাৰে নিজৰ জীৱন-নিৰ্বাহ কৰি থকাৰ লগতে প্ৰক্ৰিয়াটোৰ লগত জড়িত লক্ষাধিক শ্ৰমিক-বনুৱাসকলকো সংস্থাপন দি আহিছে । এইয়া বিশেষকৈ থলুৱা ঠিকাদাৰসকলৰ প্ৰতি ঘোৰ অবিচাৰ ৷

ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া ঠিকাদাৰসকলক মাধমাৰ দি পৰ্য্যায় ক্ৰমে তেওঁলোকক কামৰ লাভৰ পৰা বঞ্চিত কৰি চৰকাৰে বৃহৎ পুঁজিপতি গোষ্ঠীক পেকেজৰ জৰিয়তে ঠিকাৰ দায়িত্ব গতোৱাৰ অন্তৰ্নিৰ্হিত উদ্দেশ্য থাকিব পাৰে বুলি আশংকা কৰি বৰদলৈয়ে কয়, অসম সেনাই কোনো কাৰণতে থলুৱা লোকৰ স্বাৰ্থ বিঘ্নিত হ’বলৈ নিদিয়ে, এনে থলুৱা বিৰোধী সিদ্ধান্ত বাতিল নকৰিলে জনমত গঢ়ি গণতান্ত্ৰিক সংগ্ৰাম গঢ়ি তোলা হ’ব বুলিও হুংকাৰ প্ৰদান কৰে ৷

তেওঁ লগতে কয় যে, অসম চৰকাৰে ৫০০০০ থলুৱা যুৱক-যুৱতীক ঠিকা-ঠুকলিৰ জৰিয়তে আত্মসংস্থাপনৰ বাট দিব বুলি ঘোষণা কৰি কাৰ্য্যত: সম্পূৰ্ণ বিপৰীত স্থিতি প্ৰকাশেৰে ইতিমধ্যে পঞ্জীয়নকৃত ঠিকাদাৰসকলকো কৰ্মহীনহে কৰিব বিচাৰিছে । এতিয়াও ৰাজ্যৰ ঠিকাদাৰসকলক পূৰ্ব আৱণ্টিত কামৰ ২২ হাজাৰ কোটি টকা পৰিশোধ কৰিবলৈ বাকী আছে বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Protest against price hike:মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details