যোৰহাট, 5 মাৰ্চ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ ন-পুৰণি সতীৰ্থ সন্মিলনখন আজি অৰ্থাৎ দেওবাৰে সুকলমে অনুষ্ঠিত হৈ যায় (AJYSP meet in Jorhat)। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে দেওবাৰ জিলাৰখনৰ ইমেজ প্ৰেক্ষাগৃহত ন-পুৰণি সতীৰ্থ সন্মিলনখন অনুষ্ঠিত কৰে ৷
উক্ত ন-পুৰণি সতীৰ্থ সন্মিলনখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দেৱজিৎ বৰদলৈ, সত্যেন কটকী, কামালদ্দিন আহমেদ আৰু যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰদীপ মহন্ত, সাধাৰণ সম্পাদক মহেন্দ্ৰ দত্ত, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰতাপ জ্যোতি দত্তকে ধৰি প্ৰায় শতাধিক প্ৰাক্তন সতীৰ্থ সমবেত হয় (Asom Jatiyatabadi Yuba Chatra Parishad ) ৷ উক্ত সমাৰোহখনি উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক শিৱ কলিতাই ।
উক্ত সভাখনৰ আঁত ধৰে পৰিষদৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক বাবু দত্তই । সভাখনত প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰতাপ জ্যোতি দত্তই সংগঠনৰ উত্তৰণৰ স্বাৰ্থত দৃঢ়তাৰে কাম কৰি যাবলৈ বৰ্তমানৰ সমিতিখনক আহ্বান জনোৱাৰ লগতে প্ৰতিজন সতীৰ্থকে কৰ্ম বিপ্লৱৰ বিষয়ে আহ্বান জনায় ।