অসম

assam

By

Published : May 19, 2019, 4:54 PM IST

ETV Bharat / state

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন

জন্মোৎসৱ উপলক্ষে সকলোৱে গুৰুজনাৰ চৰণত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে ।

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন

টীয়ক, 19 মেঃ মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহাপুৰুষ গৰাকীয়ে নিজ হাতে প্ৰতিষ্ঠা কৰা যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয় ৷

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱৰ জন্মোৎসৱ পালন

দেওবাৰে পুৱাৰে পৰা বৰনামঘৰত অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হয় । জন্মোৎসৱ উপলক্ষে সকলোৱে গুৰুজনাৰ চৰণত সেৱা লৈ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজন কৰা ভাগৱত ভ্ৰমণত অংশগ্ৰহণ কৰে । প্ৰথমে গায়ন বায়নেৰে নামঘৰৰ চাৰিওকাষে ভাগৱত ভ্ৰমণ কৰি পৰৱৰ্ত্তী পৰ্যায়ত অসমীয়াৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতি সমৃদ্ধ এক সাংস্কৃতিক শোভাযাত্ৰা কৰে ।

ABOUT THE AUTHOR

...view details