যোৰহাট, 11 জুন:ৰাজ্যৰ বহুকেইখন কাৰাগাৰৰ দৰে যোৰহাট জিলাৰ কেন্দ্ৰীয় কাৰাগাৰতো ক’ভিডৰ সংক্ৰমণে তীব্ৰ ৰূপ ধাৰণ কৰিছে । যোৰহাট কাৰাগাৰত একেদিনাই ৩০ জনকৈ কয়দী আক্ৰান্ত হৈছে মাৰাত্মক ক’ভিড-১৯ত ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে অৰ্থাৎ ১০ জুন তাৰিখে স্বাস্থ্য বিভাগৰ এটা দলে কাৰাগাৰত উপস্থিত হৈ কয়দীসকলৰ ৰেপিড এন্টিজেন টেষ্ট(RAT) কৰিছিল আৰু এই পৰীক্ষাত ৩০ জন কয়দীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছিল ।
ক’ভিড ৰিপৰ্ট পোৱাৰ পাচতেই শুকুৰবাৰে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অমৃত শইকীয়াই উক্ত পৰিস্থিতিৰ তদাৰক কৰি বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । আনহাতে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ এজন কয়দীৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা বুলি এগৰাকী স্বাস্থ্য বিষয়াই জানিবলৈ দিছে ৷