অসম

assam

ETV Bharat / state

VIDEO: ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

শেহতীয়া বান পৰিস্থিতিৰ সৱিশেষ তথ্যৰে Etv Bharatৰ এক প্ৰতিবেদন ৷

VIDEO: ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

By

Published : Aug 1, 2019, 9:34 PM IST

যোৰহাটঃ ভোগদৈ আৰ্শীবাদ নহয় এতিয়া উত্তৰ পাৰৰ ৰাইজৰ চকুৰপানী ।বিগত আঢ়ৈ মাহে এইদৰেই বাঢ়নী পানীৰ লগত সহবাস কৰিছে ৰাইজে । দেৰগাঁৱ সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী পাৰিলে এবাৰ মন কৰক ৷ পকী পথৰে আহি আঢ়ৈ মাহত দুবাৰহে বানাক্ৰান্তৰ খবৰ লোৱা বিধায়ক ডাঙৰীয়াই এবাৰ ভিতৰুৱা গাঁও সমুহলৈ গৈ এবাৰ পৰ্যবেক্ষণ কৰক। ভোগদৈৰ ছিঙা অংশ এতিয়া জলসম্পদ বিভাগৰ বাবে যেন সোণৰ কণী পৰা হাঁহহে। বাঁহৰ পাৰ্কুপাইন, অস্থায়ী জিঅ'বেগ পেলোৱাৰ নামত শৰাধ কৰিছে ৰাজভঁৰালৰ ধন, কিন্তু ৰোধিব পৰা নাই ভোগদৈক।

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

নাৰায়ণপুৰঃ 'হয় সাহাৰ্য দিয়ক নহ’লে মাৰি পেলাওক৷' নাৰায়ণপুৰত চেঁচানৈয়ে পুনৰ প্লাৱিত কৰা ফুটাভোগ ৰঙাজান গাঁৱৰ বন্যাৰ্তৰ চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদী আহ্বান৷ নৈখনৰ উন্মুক্ত মথাউৰিৰে সোমোৱা পানীত বুৰ গৈছে গাওঁখনৰ শতাধিক পৰিয়াল ৷ বিগত দিনত পানী কমিছিল যদিও কালিৰে পৰা পুৃনৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ চৰকাৰী সাহাৰ্যৰ পৰাও বঞ্চিত গাওঁখনৰ বাসিন্দাসকল ৷

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

ৰঙাপৰাঃ ৰাঙাপাৰ মোলানগাঁৱত জৰাসৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে বাঁহৰ দলং৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ মোলানগাঁৱত জৰাসৰ নদীৰ বাঢ়নি পানীয়ে নৈখনৰ ওপৰত ৰাইজে সাজি লোৱা বাঁহৰ দলংখনৰ এটা অংশ নিশা উটুৱাই লৈ যায় । যাৰ ফলত মোলানগাঁও আৰু ৰঙাপৰাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে।

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

ধেমাজিঃ ধেমাজিত আগষ্ট মাহটো বানপানীৰ বাবে বহু বিদ্যালয় বন্ধ হোৱাৰ সম্ভাৱনা ৷ গ্ৰীষ্মকালীন বন্ধ অন্ত পৰিল যদিও ধেমাজিত জীয়াঢলৰ পাৰ্শ্বৱৰ্তী বানাক্ৰান্ত অঞ্চলৰ বহু বিদ্যালয়ত বন্ধ খোলাৰ পহিলাৰ দিনটোত আৰম্ভ নহল পাঠদান ৷ কিয়নো পানী ক্ৰমাৎ কমিবলৈ আৰম্ভ কৰিছিল যদিও যোৱা কেবাদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত পুনৰ জীয়াঢলৰ বাঢ়নী পানীত ন ন অঞ্চল জলমগ্ন হ'ব ধৰিছে ৷

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

জনীয়াঃ পুনৰ বিপদ সীমাৰ ওপৰেৰে বৈছে বেকী নৈ ৷ কলগাছিয়াৰ খাটাকুচি গাঁৱৰ গড়কাপ্তানী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেঁকী নদীৰ বাঢ়নী পানীয়ে পুনৰ ২০ খনৰো অধিক গাওঁ প্লাৱিত কৰিছে। মানুহৰ ঘৰ-দুৱাৰত পানী হোৱাত পুনৰ আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিব ধৰিছে। চৰকাৰৰ ফালৰ পৰা এবাৰ মাত্ৰ সাহাৰ্য বিতৰণ কৰিছিল যদিও সেইখিনি পৰ্যাপ্ত নহয় ৷

ৰাজ্যৰ বানৰ শেহতীয়া দৃশ্য

ABOUT THE AUTHOR

...view details