যোৰহাট,৬ মে': যোৰহাট সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত কমাৰবন্ধা পথৰ দুৰৱস্থাই এতিয়া জীয়াতু ভোগাইছে যোৰহাটবাসীক। ইফালে অলপো কাণসাৰ নাই স্থানীয় বিধায়কৰ। যোৰহাটৰ বিধায়ক তথা বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ গৃহৰ পৰা মাত্ৰ দুশ মিটাৰ দূৰত্বত ৰৰৈয়া তিনি আলিৰ পথৰ দৃশ্যই উদঙাই দিছে যোৰহাটৰ যোগাযোগ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ।
পথৰ দুৰৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে যোৰহাটবাসীক ! - পথটোৰ দুৰৱস্থা
যোৰহাট সমষ্টিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পথ কমাৰবন্ধা পথৰ দুৰৱস্থা। ৰৰৈয়া বিমান বন্দৰ,মহিলা বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন বিভাগীয় কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ পথটোৰ দুৰৱস্থাই এতিয়া জুৰুলা কৰিছে অঞ্চলবাসীক ।
পথৰ দুৰৱস্থাই এতিয়া দুৰ্ভোগ ভোগাইছে যোৰহাটবাসীক !
উল্লেখযোগ্য যে,এই পথৰে ৰৰৈয়া বিমান বন্দৰ,মহিলা বিশ্ববিদ্যালয়কে আদি কৰি বিভিন্ন বিভাগীয় কাৰ্যালয়লৈ যোৱাৰ একমাত্ৰ যোগাযোগকাৰী পথটোৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খোৱাইছে অঞ্চলবাসীক। সেয়ে যোৰহাটৰ বিধায়কক শীঘ্ৰেই পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে সাধাৰণ ৰাইজে। ইয়াৰোপৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গড়কাপ্তানী বিভাগৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাজ্যৰ যোগাযোগ ব্যৱস্থা ক্ষীপ্ৰ কৰাৰ আশা কৰা হৈছিল যদিও বৰ্তমানে তেনে ধৰনৰ উন্নয়ন দেখা পোৱা নাই বুলি মন্তব্য কৰে সাধাৰণ ৰাইজে।