অসম

assam

ETV Bharat / state

বানৰ পাচত পাচলিৰ বজাৰত জুই - বন্যাৰ্ত

যোৰহাটৰ পাচলিৰ বজাৰত এতিয়া জুই লাগিছে ৷  জিকা,ভাতকেৰেলা,কেৰেলা,জলকীয়া, অমিতা,বিলাহী আদি দৈনন্দিন ব্যৱহাৰ্য পাচলিৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ বানৰ পাচত এতিয়া 60 ৰ পৰা 180 টকালৈকে বৃদ্ধি হৈছে পাচলিৰ দৰ ৷  একাংশ মধ্যভোগী আৰু একাংশ অসাধু পাইকাৰী ব্যৱসায়ীৰ বাবেই যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পাচলিৰ মূল্য ৷

বানৰ পাচত পাচলিৰ বজাৰত জুই

By

Published : Jul 20, 2019, 3:52 PM IST

যোৰহাট, জুলাই 20 : বিধ্বংসী বানে জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ ক্ৰমাৎ বানৰ প্ৰকোপ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বহু অঞ্চল পানীৰ তলত থকাৰ বিপৰীতে মথাউৰিত অনাহাৰে-অনিদ্ৰাই দিন কটাইছে বন্যাৰ্তই ৷ বাঢ়নী পানী কাৰোবাৰ বাবে যদি চকুৰ পানী, তেন্তে আন কাৰোবাৰ বাবে আকৌ সোণৰ কণী পৰা হাঁহ ৷ বৰ্তমানৰ সময়ত এসাঁজ সতেজ শাক-পাচলি খাবলৈ আপুনি এশ বাৰ চিন্তা কৰিব লাগিব ৷ কাৰণ বানৰ অচিলালৈ একাংশ মধ্যভোগীয়ে ব্যাপক হাৰত বৃদ্ধি কৰিছে শাক-পাচলিৰ মূল্য ৷ দৈনন্দিন ভাতৰ সাজৰ বাবে অতি গুৰুত্বপূৰ্ণ পাচলি কিনিবলৈ গ'লে খালী হাতৰে আহিব লগীয়া হ’ব পাৰে আপুনি । যোৰহাটৰ পাচলিৰ বজাৰত এতিয়া জুই লাগিছে ৷ জিকা,ভাতকেৰেলা,কেৰেলা,জলকীয়া, অমিতা,বিলাহী আদি দৈনন্দিন ব্যৱহাৰ্য পাচলিৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ বানৰ পাচত এতিয়া 60 ৰ পৰা 180 টকালৈকে বৃদ্ধি হৈছে পাচলিৰ দৰ ৷

বানৰ পাচত পাচলিৰ বজাৰত জুই

যোৰহাটৰ পাচলি বজাৰত ভাত কেৰেলাৰ পাইকাৰী মূল্য 40 টকা আৰু খুচুৰা দৰ 50 টকা ৷ বিলাহী 60 পৰা 80 টকা,জলকীয়া 100ৰ পৰা 120 টকা,গাজৰ 100 টকাৰ পৰা 120 টকা, বন্ধাকবি 40 টকা, দীঘলীয়া কেপচিকাম ১২০ টকা আৰু ঘূৰণীয়া কেপচিকাম ১৮০ টকা ৷ বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি জিকা,ডাংবদি,অমিতা, কুণ্ডুলীৰো দাম সঘনাই পৰিৱৰ্তন ঘটিছে । পাচলি ব্যৱসায়ীয়ে জনোৱা মতে বানৰ ফলত পাচলিৰ উৎপাদন হ্ৰাস হোৱাৰ বাবেই বিগত এমাহলৈ পাচলিৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, যোৰহাটৰ পাচলি বজাৰলৈ সাধাৰণতে দলগাঁও,খাৰুপেটীয়া আৰু শ্বিলঙৰ পৰা আমদানি কৰা হয় ৷ কিন্তু যোৰহাটৰ আশে-পাশে থকা কৃষি-পথাৰৰ পাচলি যোৰহাটৰ বিভিন্ন বজাৰলৈ আহে যদিও মুখ্য ভাৱে নগাঁও,খাৰুপেটীয়া,দলগাঁৱৰ উপৰিও বৃহৎ পৰিমাণে পাহাৰীয়া ৰাজ্যকেইখনৰ পৰাই আহে । কিন্তু পাহাৰীয়া ৰাজ্যত বানপানী হোৱা নাই যদিও একাংশ মধ্যভোগী আৰু একাংশ অসাধু পাইকাৰী ব্যৱসায়ীৰ বাবেই যোৰহাটত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে পাচলিৰ মূল্য ৷

ABOUT THE AUTHOR

...view details